অসমীয়াঅসম

শোকাবহ! বৰদিনৰ নিশাই অঘটন, ৰখাই থোৱা টেংকাৰত খুন্দিয়াই মৃত্যু স্কুটী আৰোহী যুৱকৰ…

নিউজ ডেস্কঃ বৰদিনৰ নিশাই কলিয়াবৰৰ জখলাবন্ধাত মৰ্মান্তিক দুৰ্ঘটনা।

ৰখাই থোৱা টেংকাৰত খুন্দিয়াই কৰুণ মৃত্যু স্কুটী আৰোহী যুৱকৰ।

দেওবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এনএল০১ এবি ৫৫৮৬ নম্বৰৰ এখন টেংকাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে এএছ ০২এজি ০৪৭১ নম্বৰৰ স্কুটীখনে।

দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে কঢ়ুমাৰীৰ ৰঞ্জিত দাস নামৰ স্কুটী আৰোহী যুৱকজনৰ।

নিহত যুৱকজন এনআৰএলৰ টেংকাৰৰ হেণ্ডিমেন হিচাপে কৰ্মৰত আছিল।

দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

Related Articles

Back to top button