শোকাবহ! বিবাহ বাৰ্ষিকী উদযাপন কৰি পৰিয়ালৰ সৈতে ওভতাৰ পথতে দুৰ্ঘটনাত প্ৰাণ গ’ল মহিলাৰ…

নিউজ ডেস্কঃ ৩৫ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন কৰি ওভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী মহিলাই।

এই শোকাবহ ঘটনা সংঘটিত কেৰালাৰ ওল্লুৰৰ কোম্পানীপেডীৰ সমীপত।

এখন অটো আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষটোত অটোখনত থকা পেৰভামকুলাংগাৰৰ নিৱাসী ৰ’জী (৫৭) নামৰ মহিলাগৰাকীৰ থিতাতে মৃত্যু ঘটে।

ইফালে এই দুৰ্ঘটনাত তেওঁৰ স্বামী ফ্ৰান্সিছ, বোৱাৰী, তিনিজন নাতি আৰু অটো চালকজনো গুৰুতৰভাৱে আহত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ফ্ৰান্সিছ আৰু ৰ’জীৰ ৩৫ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন কৰিবলৈ পৰিয়ালটো থ্ৰিছুৰলৈ গৈছিল।

তাত তেওঁলোকে চিনেমা উপভোগ কৰি অটোৰে উভতি আহিছিল ঘৰলৈ।

সেই সময়তে বিপৰীত দিশৰ পৰা অহা চাৰিচকীয়া বাহনখনৰ সৈতে অটোখনৰ সংঘৰ্ষ ঘটে আৰু বিবাহ বাৰ্ষিকীৰ দিনটোতে অকাল মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে।

ইফালে এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাটোত আহত অটো চালক আজিশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।