
নিউজ ডেস্কঃ ৰাজ্যত পুনৰ ডাম্পাৰৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে যুৱকৰ!
কামৰূপ জিলাৰ বৰভিটাত ডাম্পাৰৰ খুন্দাত মৃত্যু বাইক আৰোহী যুৱকৰ।
ডাম্পাৰৰ খুন্দাত থিতাতে নিহত টপাৰ পথাৰ চৰৰ ফৈজুদ্দিন নামৰ যুৱকজনৰ।
জানিব পৰা মতে, যুৱকজনে গৰৈমাৰীৰ পৰা এএছ ২৫ইউ ৬৯১৪ নম্বৰৰ পালছাৰ বাইকেৰে ঘৰলৈ গৈ থকা সময়তে বৰভিটাৰ ইএনডি মথাউৰিত বিপৰীত দিশৰ পৰা অহা এএছ ০১পিচি ০১১২ নম্বৰৰ ডাম্পাৰখনে।
এই দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে ফৈজুদ্দিনৰ।
ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিবলৈ সক্ষম হয় ডাম্পাৰখনৰ চালকজনে।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ডাম্পাৰখন জব্দ কৰে।
যুৱকজনৰ মৃত্যুত সমগ্ৰ গৰৈমাৰী অঞ্চলত শোকৰ ছাঁ পৰিছে।