fbpx
অসমীয়াআন্তঃৰাষ্ট্ৰীয়

শোকাবহ! বিদেশৰ মাটিত পথ দুৰ্ঘটনাত মৃত্যু জনপ্ৰিয় পঞ্জাৱী গায়ক নিৰভৈৰ সিঙৰ

নিউজ ডেস্কঃ বিদেশৰ মাটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল জনপ্ৰিয় পঞ্জাৱী গায়ক নিৰভৈৰ সিঙে। উল্লেখ্য যে, ‘মাই টাৰ্ণ’ এলবামৰ ‘নম্বৰ তেৰে বিনা’ শীৰ্ষক পঞ্জাৱী গানেৰে দেশ-বিদেশৰ লাখ লাখ সংগীতপ্ৰেমীৰ মাজত নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হৈছিল নিৰভৈৰ সিঙে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অষ্ট্ৰেলিয়াৰ মেলব’ৰ্ণৰ ডিগাৰ্ছ ৰেষ্টত পঞ্জাৱী গায়কজনৰ বাহনত বিপৰীত দিশৰ পৰা অহা এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে খুন্দা মাৰে। যাৰ ফলত ঘটনাস্থলীতে মৃত্যু ঘটে কন্ঠশিল্পী গৰাকীৰ।

image 5

প্ৰণিধানযোগ্য যে, ৯ বছৰ পূৰ্বে ভাৰতৰ পৰা অষ্ট্ৰেলিয়ালৈ গৈ তাতেই নিগাজিকৈ থাকিবলৈ লৈছিল নিৰভৈৰ সিঙে। ‘মাই টাৰ্ণ’ এলবামৰ ‘তেৰে বিনা’ গীতেৰে খ্যাতি অৰ্জন কৰে কণ্ঠশিল্পী গৰাকীয়ে। তেওঁৰ আন আন হিট গীতসমূহৰ ভিতৰত আছে ‘জে ৰুছগি’, ‘ফেৰাৰী ড্ৰিম’ আৰু ২০১৮ চনত গুৰলেজ আখতাৰৰ সৈতে একেলগে কন্ঠদান কৰা ‘হিক্ক থক কে’।

image 6

বিদেশৰ মাটিত এনেদৰে পঞ্জাৱৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৱে মৰ্মাহত কৰিছে তেওঁৰ অসংখ্য অনুৰাগীক। মেলবৰ্ণৰ পঞ্জাৱী সমাজৰ লগতে কণ্ঠশিল্পীগৰাকীক পঞ্জাৱতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁৰ গুণমুগ্ধসকলে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!