শোকাবহ! বজাৰ এলেকাৰ অট্টালিকাত ভয়ংকৰ বিস্ফোৰণ, কমেও ১১ জন নিহত, আহত ৭০ জনৰো অধিক…

নিউজ ডেস্কঃ এক ভয়ংকৰ বিস্ফোৰণৰ পিছতে নামি আহিল মৃত্যুৰ বিভীষিকা!

বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাৰ এটা অট্টালিকাত মঙলবাৰে সংঘটিত হোৱা এক ভয়ংকৰ বিস্ফোৰণত মৃত্যু কমেও ১১ জন লোকৰ।

এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় আন ৭০ জনৰো অধিক লোক।

জানিব পৰা মতে, মঙলবাৰে ঢাকাৰ এখন জনবহুল বজাৰ এলেকাট থকা এটা অট্টালিকাত সংঘটিত হয় এই বিস্ফোৰণ।

বিস্ফোৰণৰ পিছতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি মতে, বিয়লি ৪.৫০ বজাত সংঘটিত এই বিস্ফোৰণত পথৰ সিপাৰে থকা এখন বাছৰো ক্ষতিসাধন হয়।

বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।