অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! প্ৰাতঃভ্ৰমণলৈ ওলাই যাওতেই গৰাকীবিহীন ম’হৰ আক্ৰমণৰ বলি মহেশচন্দ, মৃত্যু

নিউজ ডেস্কঃ প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ সময়তে বাটত চৰি ফুৰা ম’হৰ আক্ৰমণৰ বলি হৈ মৃত্যু ঘটে এজন ব্যক্তিৰ।

এই শোকাবহ ঘটনা সংঘটিত হয় ৰাজস্থানৰ কোটাৰ দক্ষিণ পৌৰ নিগমত।

জানিব পৰা মতে, কাইথুনিপল থানা এলেকাৰ সাৱৰমতী কলনীৰ নিৱাসী মহেশচন্দ থনৱাল নামৰ ৬২ বৰ্ষীয় ব্যক্তিজনে দেওবাৰে পুৱা প্ৰাতঃভ্ৰমণলৈ ওলাই গৈছিল।

সেই সময়তে এটা ম’হে ব্যক্তিজনক আক্ৰমণ কৰে।

ম’হৰ শিঙে মহেশচন্দৰ বুকু ভেদি যোৱাত গুৰুতৰভাৱে আহত হয় ব্যক্তিজন।

লগে লগে একাংশ লোকে তেওঁক হাস্পতাললৈ লৈ যায় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই কৰুণ মৃত্যুক সাৱটি লয় মহেশচন্দে।

বাটত চৰি ফুৰা গৰাকীবিহীন ম’হৰ আক্ৰমণত পুৱাই এনেদৰে এজন ব্যক্তিৰ মৃত্যু ঘটা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলায়।

Related Articles

Back to top button