
নিউজ ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ আতংক।
খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে বহু লোকে।
পুনৰ গোৱালপাৰাত বন্যহস্তীয়ে প্ৰাণ ল’লে এজন লোকৰ।
গোৱালপাৰাৰ অসম-মেঘালয় সিমান্তৰ গেণ্ডাবাৰী গাঁৱত বন্যহস্তীৰ আক্ৰমণত মৃত্যু ঘটে লোকজনৰ।
নিহত লোকজনৰ পৰিচয় বিন্দু ৰাভা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, দীৰ্ঘসময় ধৰি অঞ্চলটোত বন্যহস্তীয়ে চলাই আহিছে সন্ত্ৰাস।
পাহাৰৰ পৰা নামি অহা হাতীৰ জাকৰ সন্ত্ৰাসৰ বাবে আতংকৰ জীৱন পাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে।