fbpx
অসমীয়াঅসম

শোকাবহ! পশুধনক খুন্দা মাৰি নিয়ন্ত্ৰণহীন হৈ পৰা বাহন দলঙৰ ৰেলিং ভাগি বাগৰি পৰিল পানীত, অধ্যাপক শুভময় দে’ৰ মৃত্যু…

নিউজ ডেস্কঃ গোৱালপাৰা জিলাৰ কাচাদলত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত এগৰাকী অধ্যাপকৰ অকাল মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালক।

নিশা দৰংংগিৰিৰ কাচাদলৰ কালিমন্দিৰৰ সমীপৰত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাত।

দুৰ্ঘটনাটোৰ ফলত আমজোঙা পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যায়ৰ কম্পিউটাৰ চায়েঞ্চৰ অধ্যাপক তথা গুৱাহাটীৰ মালিগাঁৱৰ নিৱাসী শুভময় দেৰ মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় তেওঁৰ পত্নী।

জানিব পৰা মতে, অধ্যাপকগৰাকীয়ে পত্নীসহ এএছ ০১ইকিউ ৬০৯৬ নম্বৰৰ হোণ্ডা আউৰা বাহনখনেৰে গুৱাহাটীৰ পৰা দুধনৈ অভিমুখে গৈ থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনা।

কাচাদলৰ কালি মন্দিৰৰ সমীপত তেওঁলোকে এটা পশুধনক খুন্দিওৱাৰ পিছতে বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।

যাৰ ফলত বাহনখনে এখন দলঙৰ ৰেলিঙত খুন্দা মাৰি ৰেলিং ভাগি পানীত বাগৰি পৰে।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা অধ্যাপক শুভময় দে আৰু পত্নীক স্থানীয় লোকে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰায়।

কিন্দু শুভময় দেৰ অৱস্থা অধিক সংকটজনক হোৱাত তেওঁক পৰৱৰ্তী সময়ত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু তাতেই চিকিৎসকে অধ্যাপকগৰাকীক মৃত ঘোষণা কৰে।

অধ্যাপক শুভময় দেৰ অকাল মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালক। এই দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতো।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!