
নিউজ ডেস্ক। এক শোকাবহ পথ দুৰ্ঘটনাত শনিবাৰে প্ৰাণ হেৰুৱালে দুগৰাকী জুনিয়ৰ আৰ্টিষ্টসহ ৩ জনে।
হায়দৰাবাদৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ওচৰৰ চাইবাৰাবাদৰ গাচিবাউলিত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।
জানিব পৰা মতে, এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহনৰ বাবে লিংগাম্পল্লীলৈ গৈ থকা সময়তে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এডাল গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে। যাৰ ফলত বাহনখন টুকুৰা টুকুৰ হৈ চিটিকি পৰে।

দুৰ্ঘটনাত জুনিয়ৰ আৰ্টিষ্ট এন মানসা(২৩) আৰু এম মানসা (২১)ৰ লগতে গাড়ীখন চলাই থকা ২৫ বছৰীয়া বেংক কৰ্মচাৰী আব্দুল ৰহীমৰ ঘটনাস্থলীত মৃত্যু ঘটে।

ইফালে বাহনৰ ভিতৰত থকা আন এজন জুনিয়ৰ আৰ্টিষ্ট সাই সিদ্ধু দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয়।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে বাহনৰ ভিতৰত থকা আটাইকেইজন গাড়ীখন ভাড়ালৈ লৈ দৃশ্যগ্ৰহনৰ বাবে গাচিবাউলিৰ পৰা লিংগামপল্লীলৈ গৈ আছিল।
For Tweet please
— Abhinay Deshpande (@iAbhinayD) December 18, 2021
A bank employee and two junior artists were killed, while their friend suffered severe injuries before the dawn on Saturday when the car they were travelling in slammed into a roadside tree near University of Hyderabad, Gachibowli.#Hyderabad @THHyderabad pic.twitter.com/SOt31MmhEX
আনহাতে খবৰ অনুসৰি, তেওঁলোকে যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে আব্দুল ৰহীমৰ ঘৰত সুৰাপানো কৰিছিল। আৰু তাৰ পিছতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাত দুৰ্ঘটনা সংঘটিত হয়।
A speedy car split into 2 parts after hit a tree, 3 people were dead on the spot and 1 suffered serious injuries at #Gachibowli area in #Hyderabad on Saturday.
— Surya Reddy (@jsuryareddy67) December 18, 2021
The deceased are 2 female junior artists and a bank employee.#caraccident#Carsplits2parts #DrunkandDrive pic.twitter.com/ZLWc4VQx2w
আৰক্ষীয়ে পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি ওচমানিয়া জেনেৰেল হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
লগতে চাওকঃ