fbpx
অসমীয়াঅসম

শোকাবহ! দুখন মালবাহী ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ, চালকৰ মৃত্যু

নিউজ ডেস্কঃ দুখন ট্ৰাকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত মৃত্যু ঘটিল এজন ট্ৰাক চালকৰ।

শনিবাৰে পুৱতি নিশা এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় ধুবুৰী জিলাৰ আগমণিৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত।

জানিব পৰা মতে, পশ্চিমবংগৰ মাথাভাঙ্গাৰ পৰা শ্বিলং অভিমুখে আলু কঢ়িয়াই নিয়া এএছ ০১এইচচি ৪২৭২ নম্বৰৰ বাৰচকীয়া ট্ৰাকখনে অসমৰ পৰা বংগ অভিমুখে গৈ থকা এইচআৰ ৩৮ৱাই ১৩৫৬ নম্বৰৰ ছয়চকীয়া মালবাহী আল্ট্ৰাখনত সন্মুখৰ পৰা খুন্দা মাৰে।

এই ভয়ংকৰ দুৰ্ঘটনাত আল্ট্ৰাখনৰ চালকজনৰ থিতাতে মৃত্যু ঘটে।

আনহাতে বাৰ চকীয়া ট্ৰাকখনৰ চালক শ্বাহাজান মোল্লা আৰু হেণ্ডিমেন জাহান মোল্লাৰ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!