
নিউজ ডেস্কঃ তপা হোৱাটো বহুতৰ বাবেই এক অভিশাপ! কম বয়সতে মূৰৰ কিচকিচিয়া ক’লা চুলি হেৰুৱাই তপা হৈ পৰা অনেকে সেয়ে বাকীছোৱা জীৱন এক মানসিক হতাশাৰ মাজেৰে পাৰ কৰিবলগীয়া হয়।
মানুহে হাঁহিব, মানুহে জোকাব আদিৰ ভয়ে সদায় মনৰ পৰা সংকুচিত কৰি ৰাখে তপা মূৰৰ মানুহবোৰৰ।
তপা মানুহৰ এনে জীৱন যান্ত্ৰণাক পৰিস্ফুট কৰি ইতিমধ্যে নিৰ্মাণ হৈছে বহু কেইখন চিনেমা।
চুলি সৰাৰ চৰম হতাশাৰ পৰা ৰক্ষা পাবলৈকে চুলি সংৰোপণৰ সিদ্ধান্ত লৈছিল দিল্লীৰ ৩০ বৰ্ষীয় যুৱক ৰছিদে।
জীৱনৰ আধা বয়স পাৰ নকৰোতেই তপা হৈ পৰা ৰছিদে চুলি সংৰোপণৰ বাবে কাষ চাপিছিল দিল্লীৰ এখন ক্লিনিকৰ।
কিন্তু চুলি সংৰোপণৰ ভুল চিকিৎসাৰ বলি হৈ জীৱন হেৰুৱাবলগীয়া হ’ল ৰছিদ নামৰ চফল ডেকাজনে।
অভিযোগ অনুসৰি, ৰছিদে চুলি সংৰোপণৰ পিছতে তেওঁৰ দেহৰ একাধিক অংগ বিকল হৈ পৰে। যাৰ ফলত মৃত্যু ঘটে যুৱকজনৰ।
ইতিমধ্যে ৰছিদৰ পৰিয়ালে চুলি সংৰোপণ অস্ত্ৰোপচাৰ কৰা ক্লিনিকখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ৪ জনক গ্ৰেপ্তাৰ কৰিছে।
উল্লেখ্য যে, পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল ৰছিদ। ৰছিদৰ মৃত্যুৱে ম্ৰিয়মান কৰি তুলিছে যুৱকজনৰ পৰিয়ালক।