শোকাবহ! কাম শেষ কৰি নিশা ঘৰলৈ ওভতাৰ পথতে তীব্ৰবেগী বাইকে নিলে মহতিয়াই, ২ শ্ৰমিকৰ মৃত্যু

নিউজ ডেস্কঃ দিনটোৰ পৰিশ্ৰমৰ অন্তত নিশা ঘৰলৈ ওভতাৰ পথতেই ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলাগীয়া হ’ল দুজন শ্ৰমিকে।

এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় কামৰূপ জিলাৰ ৰঙিয়াৰ ভাতকুছিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত।

নিহত শ্ৰমিক দুজনক নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত পৈচাৰা গাঁৱৰ ইদ্ৰিছ আলী (৪৬) আৰু আজিৰ আলী (৪০) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, দমকল মেৰামতিৰ কাম কৰা শ্ৰমিক দুজনে অইন দিনাৰ দৰে শনিবাৰেও ৰঙিয়াত কাম কৰি নিশা ঘৰলৈ উভতিছিল।

সেই সময়তে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন দ্ৰুতবেগী বাইকে শ্ৰমিক দুজনক মহতিয়াই নিয়াত ঘটনাস্থলীতে মৃত্যু ঘটে ইদ্ৰিছ আলী আৰু আজিৰ আলীৰ।

শ্ৰমিক দুজনৰ এনে অকাল মৃত্যুৱে শোকস্তব্ধ কৰিছে পৰিয়ালক।

স্থানীয় ৰাইজে শ্ৰমিক দুজনৰ পৰিয়ালক সাহায্য প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে।