fbpx
অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! অচিনাক্ত তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু স্কুটী আৰোহী শিক্ষকৰ…

নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল স্কুটী আৰোহী এগৰাকী শিক্ষকে।

দেওবাৰে নিশা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় ঝাৰখণ্ডৰ ৰাঁচীৰ অনুমণ্ড নুডালৰ তামাৰ থানা এলেকাৰ্ ৰাঁচী-টাটা ৰাষ্ট্ৰীয় ঘাইপথত।

দুৰ্ঘটনাত নিহত শিক্ষক গৰাকীৰ পৰিচয় চুতিয়াৰ অক্সফৰ্. পাব্লিক স্কুলৰ শিক্ষক সুৰেশ প্ৰধান বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দেওবাৰে নিশা প্ৰায় ৮.৩০ বজাত শিক্ষকগৰাকীয়ে স্কুটী চলাই ৰাঁচীৰ পৰা টাটা অভিমুখে গৈ থকা সময়তে অচিনাক্ত বাহনে তেওঁক মহটিয়াই নিয়ে।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সুৰেশ প্ৰধানক আৰক্ষীয়ে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱায় যদিও কিছুসময় পিছতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰক্ষীয়ে ইতিমধ্যে এই দুৰ্ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!