শূণ্য দূৰত্বৰ পৰা আৰক্ষী বিষয়াক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ, CCTV কেমেৰাত বন্দী ঘটনা

নিউজ ডেস্ক। জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰক্ষী বিষয়াক। শূণ্য দূৰত্বৰ পৰা আৰক্ষীক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ। গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত আৰক্ষী বিষয়াজনৰ চিকিৎসালয়ত শেষ নিস্বাস ত্যাগ।

এই ঘটনা দেওবাৰে সংঘটিত হয় জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ খানিয়াৰত। নিহত আৰক্ষী বিষয়াজনক উপ-পৰিদৰ্শক আৰ্শাদ আহমেদ মীৰ বুলি জানিব পৰা যায়।

E-Fp3i-GVIAUa-X3-M

জানিব পৰা মতে, জম্মু-কাশ্মীৰৰ গ্ৰীষ্মকালীন ৰাজধানীত এটা সন্ত্ৰাসবাদীয়ে খোজকাঢ়ি আহি থকা এজন আৰক্ষী বিষয়াক আক্ৰমণ কৰে।

সন্ত্ৰাসবাদীটোৱে শ্ৰীনগৰৰ খানিয়াৰ অঞ্চলত তেনেই ওচৰৰ পৰা গুলীয়াই আক্ৰমণ কৰে আৰু সেই স্থানৰ পৰা পলাই যায়।

E-LSJYAVg-AUqd-W8

ইয়াৰ পিছতেই বিষয়াজনক লৈ যোৱা হয় চিকিৎসালয়লৈ। কিন্তু চিকিৎসালয়ত মৃত্যু হয় আৰক্ষী বিষয়াজনৰ।

সেই আক্ৰমণৰ দৃশ্য বন্দী হয় চি চি টিভিৰ কেমেৰাত। ইয়াৰ পিছতেই নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰে আৰু সন্ত্ৰাসবাদীৰ অনুসন্ধান অভিযান আৰম্ভ কৰে।

চিচিটিভিত বন্দী হোৱা ফুটেজত দেখা অনুসৰি, সন্ত্ৰাসবাদীয়ে খানিয়াৰ বজাৰত বিষয়াজনক পিছফালৰ পৰা দুবাৰ গুলীয়াই।

আৰক্ষী বিষয়াজনৰ হাতত কোনো অস্ত্ৰ নাছিল আৰু তেওঁ খোজকাঢ়ি আহি আছিল। হঠাতে সন্ত্ৰাসবাদীটো পিছফালৰ পৰা আহি তেওঁৰ ওপৰত গুলীচালনা কৰে। সেই দৃশ্য দেখি মানুহে ভয়ত দৌৰিবলৈ আৰম্ভ কৰে।

পিছত সন্ত্ৰাসবাদীটো যোৱাৰ পিছত দুজন লোকে তেওঁক দাঙি লৈ যায়। ইফালে এটা কুকুৰক সন্ত্ৰাসবাদীৰ পিছে পিছে দৌৰি থকা দেখা যায়।

এই সন্দৰ্ভত এজন আৰক্ষী বিষয়াই কয় যে, সন্ত্ৰাসবাদীয়ে পিছফালৰ পৰা উপ-পৰিদৰ্শক আৰ্শাদ আহমেদ মীৰক গুলীয়াই আহত কৰে। আঘাতপ্ৰাপ্ত বিষয়াজনক সৌৰাৰ এছকেএমএছ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁৰ চিকিৎসালয়ত মৃত্যু হয়। ঘটনাটো দুপৰীয়া প্ৰায় ১.৩৫ বজাত সংঘটিত হৈছিল।

E-Jk344-UUAU5-JTQ

ইপিনে, দেওবাৰে নিশা সম্পন্ন হয় শ্বহীদ আৰক্ষী বিষয়াজনৰ অন্ত্যেষ্টিক্ৰিয়া।

এই কাৰ্যসূচীত ৰাজ্যিক মৰ্যাদাৰে বিষয়াজনক কবৰস্থ কৰা হয়। উক্ত কাৰ্যসূচীত শ শ লােকে অংশগ্ৰহণ কৰে।

Leave a Comment