এক শিহৰণকাৰী পথ দুৰ্ঘটনা।
লোৰ ৰড কঢ়িয়াই অনা এখন বাহনৰ পিছপিনে খুন্দিয়ালে আন এখন বাহনে।
যাৰ ফলত শৰীৰত ৰড সোমাই মৃত্যুক সাৱটিলে এগৰাকী চিকিৎসকে।
ৰাজস্থানৰ জয়পুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
প্ৰাপ্ত তথ্য মতে জয়পুৰৰ ঘাছগেটৰ ওচৰত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, চলন্ত অৱস্থাত থকা এখন ব্যক্তিগত বাহনে লোৰ ৰড কঢ়িয়াই অনা এখন ট্ৰেক্টৰৰ ট্ৰলীত পিছফালৰ পৰা খুন্দা মাৰে।
ফলত ট্ৰলীৰ পৰা বাহিৰলৈ ওলাই থকা লোৰ ৰড গাড়ী খনৰ গ্লাছ ভাঙি ভিতৰত বহি থকা চিকিৎসকজনৰ শৰীৰত সোমাই যায় ফলত থিতাতে নিহত হয় চিকিৎসকগৰাকী।

দুৰ্ঘটনাটোত নিহত চিকিৎসক গৰাকীক দৌচাৰ বাসীন্দা তথা ডাঃ প্ৰবীণ ব্যাস(৩৮) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে বাহনখনত থকা আন এজন চিকিৎসক ডাঃ অমিত কুমাৰ (৩৮)দুৰ্ঘটনাটোত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে।
ঘটনাৰ খবৰ পোৱাৰ পিছতে, আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ গুৰুতৰভাৱে আহত গৰাকীক জিলা চিকিৎসালয়ৰ ট্ৰ’মা চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে।
ৰাতিৰ আন্ধাৰৰ বাবেই এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
লগতে চাওকঃ
