অসমীয়াঅসম

শিক্ষা বিভাগৰ হঠকৰী সিদ্ধান্ত! বাতিল কৰা হ’ল ৰাজ্যৰ ৮ হাজাৰ নিয়মীয়া শিক্ষকৰ খালী পদ…

নিউজ ডেস্কঃ ৰাজ্যৰ শিক্ষা বিভাগৰ এক সিদ্ধান্তই অন্ধকাৰচন্ন কৰি তুলিছে ৮০০০ শিক্ষকৰ ভৱিষ্যত!

এফালে চৰকাৰৰ নিযুক্তিৰ প্ৰতিশ্ৰুতি, আনফালে ৰাজ্যৰ ৮ হাজাৰ নিয়মীয়া শিক্ষকৰ খালী পদ বাতিলৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

সোমবাৰে শিক্ষা বিভাগৰ হৈ আইএএছ বিষয়া ড০ বিজয় চৌধুৰীয়ে জাননী জাৰি কৰি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৪,২৮৫টা পদ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৩৭১৫টা পদ বাতিল কৰাৰ বিষয়ে জানিবলৈ দিয়ে।

অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত, পৰিশিষ্ট ১ আৰু ২ তালিকা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও জাননীত উল্লেখ কৰা হৈছে।

সৰ্বশিক্ষা অভিযানৰ অধীনত ৰাজ্যিক পুল শিক্ষা ক্ষেত্ৰত অতিৰিক্ত শিক্ষকৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত বিত্তীয় ভাৰসাম্যতা বজাই ৰখাৰ বাবে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি মঙলবাৰে মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

উল্লেখ্য যে, বিগত ২০২২ৰ ২৬ মে’ত অনুষ্ঠিত কেবিনেটৰ বৈঠকত শিক্ষকৰ খালী পদ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে।

১১,২০৬ গৰাকী ঠিকাভিত্তিক শিক্ষক বিত্তীয় ব্যৱস্থাত বিশৃংখল যাতে নহয় তাৰ বাবেই এই পদসমূহ বিলুপ্তি কৰা বুলি শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰি কয় যে এই পদসমূহ অপ্রয়োজনীয় আছিল। ভৱিষ্যতে প্ৰয়োজন হ’লে পুনৰ নতুন পদ সৃষ্টি কৰা হ’ব।

মন কৰিব লগীয়া যে, ২০১৭ চনত সমগ্ৰ শিক্ষা অধীনত এইসকল শিক্ষকক নিযুক্তি দিয়া হৈছিল। ঠিকাভিত্তিকভাৱে বিগত ২০২০ চনত অসম চৰকাৰে শিক্ষকসকলৰ চাকৰি প্ৰায় নিয়মীয়াকৰণ কৰিছিল। সেইসকল শিক্ষকৰ বাবেই ৮০০০ স্থায়ী পদ বিলুপ্তি কৰা হৈছে বুলি জনায় শিক্ষামন্ত্ৰীয়ে।

Related Articles

Back to top button