শস্য-শ্যামলা মাজুলীত উৎপাদিত খাদ্য সামগ্ৰীয়ে ভৰিব বিশ্বৰ বজাৰ, মাজুলীক ১০০% ‘জৈৱিক হাব’ হিচাপে গঢ়ি তোলাৰ লক্ষ্য কৃষি বিভাগৰ

মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত তথা মাজুলী এগ্ৰ’ অৰ্গেনিক কৃষক উৎপাদক কোম্পানীৰ সহযোগত পকাজৰাৰ মাধৱদেৱ কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত “জৈৱিক মূল্য শৃংখল অভিযান” (MOVCD) আঁচনিখনৰ সন্দৰ্ভত বুধবাৰৰ পৰা দুদিনীয়াকৈ আয়োজিত হয় এক কৃষি কৰ্মশালা অনুষ্ঠান।
কৰ্মশালাত কৃষি বিভাগৰ বিষয়াসকলে প্ৰায় দুই শতাধিক কৃষকক বিভাগৰ বিভিন্ন আঁচনিৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে থলুৱাভাৱে উৎপাদিত খাদ্য সামগ্ৰীক মূল্য সংযোজন কৰি দেশ-বিদেশলৈ ৰপ্তানিৰ জৰিয়তে কেনেদৰে অধিক লাভান্বিত হ’ব পাৰি, সেই সন্দৰ্ভত কৃষক ৰাইজক অৱগত কৰে।

অনুষ্ঠানত উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰাই বছৰি কেইবা তৰপীয়া খেতিৰ জৰিয়তে কেনেদৰে অধিক উপাৰ্জন কৰিব পাৰি সেই সন্দৰ্ভত কৃষক ৰাইজক অৱগত কৰে। লগতে, কৃষি খণ্ডত কৃষক উৎপাদক কোম্পানীৰ ভূমিকা আৰু কাৰ্যাৱলী সন্দৰ্ভতো তেওঁ কিছু ধাৰণা দিয়ে।
তদুপৰি, তেওঁ মাজুলীৰ উৎপাদিত খাদ্য সামগ্ৰী বিদেশলৈ ৰপ্তানিৰ সম্ভাৱনীয়তাৰ বিষয়ে বিস্তৃতভাৱে কৃষক সকলক অৱগত কৰে। আৰু এই দিশত কৃষকক অধিক উৎসাহেৰে কৃষি কৰ্মত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। লগতে তেওঁ এই কৰ্মশালাৰ জৰিয়তে অনাগত দিনত মাজুলীৰ কৃষক নিশ্চিতভাৱে অধিক উপকৃত হ’ব বুলিও আশা প্ৰকাশ কৰে।

আনহাতে অনুষ্ঠানত জিলা উপায়ুক্ত পুলক মহন্তই মাজুলীৰ কৃষি খণ্ডত থকা ব্যৱসায়ৰ সম্ভাৱনীয়তা সম্পৰ্কে কৃষকক অৱগত কৰে। সেয়েহে, নতুন প্ৰজন্মক বৰ্হি ৰাজ্যত গৈ নিৰাপত্তাৰক্ষীৰ চাকৰি কৰাৰ পৰিৱৰ্তে ঘৰতে থাকি লাখ টকা উপাৰ্জন কৰাত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।
তেওঁ অচিৰেই মাজুলীৰ বিশুদ্ধ মিঠাতেল বিক্ৰীৰ বাবে গুৱাহাটীৰ বজাৰলৈ প্ৰেৰণৰ কথাও জানিবলৈ দিয়ে। তদুপৰি, তেওঁ মাজুলীক ১০০% “জৈৱিক হাব” হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত কেনেধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰিছে, সেই সন্দৰ্ভতো জানিবলৈ দিয়ে।
কৰ্মশালাত জিলা কৃষি বিষয়া ঈৰ্চাদ আলীয়ে বৰ্তমান সময়ত গোলকীয়ভাৱে অত্যধিক চাহিদা থকা ভোট জলকীয়া খেতিৰ বিষয়ে কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ লগতে জৈৱিক সাৰ প্ৰস্তুতৰ বিষয়েও প্ৰশিক্ষণ প্ৰদান কৰে। তেওঁ লগতে ভোট জলকীয়া খেতিৰ জৰিয়তে কেনেদৰে একোজন কৃষকে অধিক উপাৰ্জনেৰে স্বাৱলম্বী হ’ব পাৰে, সেই সন্দৰ্ভত বিস্তৃতভাৱে জানিবলৈ দিয়ে।

উল্লেখ্য যে, কৃষিমন্ত্ৰী অতুল বৰাই উল্লেখনীয় পদক্ষেপৰ জৰিয়তে ৰাজ্যৰ কৃষি খণ্ডৰ সৰ্বাংগীন বিকাশৰ যি ধাৰা অব্যাহত ৰাখিছে, সেই যাত্ৰাত মাজুলীৰ কৃষি বিভাগে অহোপুৰুষাৰ্থ কৰি আহিছে বুলিও জিলা কৃষি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।
কৰ্মশালাত “MOVCD” ৰ নডেল বিষয়া লক্ষ্মী দত্ত, ৰাজ্যিক সমন্বয়ক মুকুল শইকীয়া, অতিৰিক্ত উপায়ুক্ত, কৃষি পৰামৰ্শদাতা ড° ইমৰাণ হুছেইন, চিম্ফেডৰ বিষয়ববীয়া, বহুকেইটা কৃষক উৎপাদক কোম্পানীৰ বিষয়ববীয়া আৰু কৃষক ৰাইজ উপস্থিত থাকে।