শশীকান্ত দাস চৰকাৰৰ মানুহ, শ্বেৰমানৰ ভোট নালাগে, মোৰ লগত সকলো বিধায়কৰ ভালঃ মুখ্যমন্ত্ৰী…

ৰাজ্যসভা নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

সোমবাৰে হোটেল ৰেডিছন ব্লুত মিত্ৰজোঁটৰ বিধায়কৰে এক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ আগত পুনৰবাৰ ৰাজ্যসভাৰ দুয়োখন আসনতে বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী জয়লাভ কৰিব বুলি মন্তব্য কৰে।

তেওঁ কয়- ইতিমধ্যেই সকলো চূড়ান্ত হৈ আছে। কেৱল দুয়োখন আসনতে জয়ী হোৱাই নহয়, আমি ভাল ভোট পাম বুলি মন্তব্য কৰে।

আনহাতে, শ্বেৰমান আলী আহমেদৰ ভোট ল’লে মই নিজেই বদনামী হ’ব লাগিব। শ্বেৰমান আলীক ভোট দিবলৈ মই মানা কৰিছোঁ বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

একেদৰে AIUDFৰ ভোট আমাক নালাগে বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

আনহাতে, কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাস সন্দৰ্ভতো বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ।

তেওঁ কয়-শশীকান্ত দাস চৰকাৰৰ মানুহ। চৰকাৰী কামত তেখেত আহিবই। মোৰ লগত সকলো বিধায়কৰে ভাল সম্পৰ্ক আছে। তেওঁলোকে ফোন নকৰিলেও মই কৰোঁ। আজি ২৭ বছৰে মইহে তেওঁলোকৰ লগত আছোঁ।

Leave a Comment