fbpx
অসমীয়াঅসম

লোমহৰ্ষক! ইমৰানৰ পৰা ৩২০ টকাত কিনা দা-ৰে বন্দনাই হত্যা কৰিছিল শাহু আৰু স্বামীক, উদ্ধাৰ হ’ল দা খন, আটক দা বিক্ৰেতাও…

নিউজ ডেস্কঃ মহানগৰীৰ দুটাকৈ লোমহৰ্ষক হত্যাকাণ্ডত ব্যৱহাৰ কৰা দা খন অৱশেষত বিচাৰি উলিয়ালে আৰক্ষীয়ে।

বোন্দাজানত আৰক্ষীয়ে তিনি অভিযুক্তক লগত লৈ চলোৱা অভিযানত উদ্ধাৰ হয় হত্যাকাণ্ডত ব্যৱহৃত দা খন।

ইফালে হত্যাকাৰী বন্দনা কলিতাক এই দা খন বিক্ৰী কৰা ইমৰান আলী ওৰফে ছট্টু নামৰ এজন লোককো আটক কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, বন্দনাক দা খন ৩২০ টকাত বিক্ৰী কৰিছিল ইমৰান আলীয়ে।

সেই দা খনেৰেই বন্দনা কলিতা আৰু আন দুজন অভিযুক্তই অৰূপজ্যোতি দে’ আৰু শংকৰী দে’ৰ মৃতদেহ টুকুৰা টুকুৰকৈ কাটি পেলাই থৈ আহিছিল মেঘালয়ৰ দ খাৱৈত।

উল্লেখ্য যে, বিগত বৰ্ষৰ জুলাই আৰু আগষ্ট মাহত বন্দনা কলিতাই দুই বন্ধু ধনটি ডেকা আৰু অৰূপ দাসৰ সহযোগত সংঘটিত কৰিছিল দুটাকৈ নৃশংস হত্যাকাণ্ড।

২৬ জুলাইত প্ৰথমে শাহুৱেক শংকৰী দে’ক হত্যা কৰাৰ পিছত ১৭ আগষ্টত বন্দনাই হত্যা কৰিছিল স্বামী অৰূপজ্যোতি দে’কো।

ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই মেঘালয়ৰ ডাউকীৰ সমীপৰ খাৱৈৰ পৰা উদ্ধাৰ কৰিছে দুয়োজনৰ মৃতদেহৰ অংগ-প্ৰত্যংগ।

তাৰ পিছতে আজি উদ্ধাৰ হয় হত্যাকাণ্ডত ব্যৱহৃত দা খনো।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!