অসম

লখিমপুৰ মেডিকেল কলেজৰ প্ৰসূতিৰ মৃত্যুৰ ঘটনাঃ প্ৰসূতিৰ পৰিয়াললৈ ৩ লাখ টকাৰ সাহায্য…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা।

জেনেৰেটৰত তেল নথকাৰ বাবেই অস্ত্ৰোপচাৰ কৰিব নোৱাৰাৰ বাবেই মৃত্যু মুখত পৰিছিল এগৰাকী গৰ্ভৱতী মহিলা।

যি ঘটনাই ৰাজ্যজুৰি তোলপাৰ লগোৱাৰ পিছতে শনিবাৰে চৰকাৰী হাস্পতালখনত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

পুৱাই হাস্পতাল খনত উপস্থিত হৈ ঘটনাৰ বুজ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

হাস্পতালখনৰ শেহতীয়াকৈ গৰ্ভস্থ সন্তান সহ প্ৰসূতিৰ দুৰ্ভাগ্যজনক মৃত্যুৰ পিছতে তৎপৰ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী। ঘটনাটোত শোক ব্যক্ত কৰে মন্ত্ৰী মহন্তই।

লগতে মৃত্যু হোৱা প্ৰসূতিৰ পৰিয়াললৈ ৩ লাখ টকাৰ অনুদান ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

লগতে চিকিৎসালয়খনৰ সেই সময়ৰ দায়িত্বত থকা চিকিৎসকৰ বিৰুদ্ধেও ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰে পৰিয়ালক। ইতিমধ্যে এগৰাকী চিকিৎসকক নিলম্বন কৰা হৈছে।

জানিব পৰা মতে, লখিমপুৰ মেডিকেল কলেজৰ জেনেৰেটৰত তেল নথকাৰ বাবেই সময় মতে প্ৰসূতিৰ অস্ত্ৰোপ্ৰচাৰ কৰা হোৱা নাছিল, যাৰ বাবে মৃত্যুমুখত পৰে গহপুৰৰ প্ৰসূতিসহ গৰ্ভস্থ সন্তান।

কইনামাই পাটগিৰি নামৰ গহপুৰৰ মহিলাগৰাকীক যোৱা ৩১ মে’ তাৰিখে নিয়া হৈছিল লখিমপুৰ মেডিকেল কলেজলৈ।

২ জুনত অস্ত্ৰোপচাৰ কৰাৰ কথা আছিল যদিও মেডিকেল কলেজখনৰ অস্ত্ৰোপচাৰ কক্ষত বিদ্যুৎ সেৱা ব্যাহত হৈছিল আৰু জেনেৰেটৰত নাছিল তেল।

Related Articles

Leave a Reply

Back to top button