fbpx
অসম

‘যিদিনা মোক বিচাৰি নাপাবা, সেইদিনা তুমি বুজিবা’- বিশিষ্ট সাহিত্যিক, কবি, গীতিকাৰ ড০ বিৰিঞ্চি কুমাৰ মেধি আৰু নাই…

ৰাজ্যবাসীৰ বাবে এক দুঃখবৰ।

বিশিষ্ট সাহিত্যিক, কবি, গীতিকাৰ তথা শিক্ষাবিদ ড০ বিৰিঞ্চি কুমাৰ মেধি আৰু নাই।

দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত আজি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

তেওঁৰ অসমীয়া সাহিত্য , সংস্কৃতিৰ ওপৰত আছিল যথেষ্ট দক্ষতা।

তেওঁ আছিল আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ গীতিকাৰ।

এসময়ৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিদিপ দত্তৰ জনপ্ৰিয় গীত ‘যিদিনা মোক বিচাৰি নেপাবা, সেইদিনা তুমি বুজিবা। লাগে যদি মোৰ খবৰ, সন্ধ্যাতৰাকে সুধিবা…’ আছিল ড০ বিৰিঞ্চী মেধিৰেই সৃষ্টি।

তেওঁৰ মৃত্যুৱে অসমৰ কলা, সাহিত্য, সংস্কৃতি, শিক্ষা আদি ক্ষেত্ৰত শোকৰ ছাঁ পেলাইছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!