fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! ৰিক্সা ধৰিবলৈ পথ পাৰ হোৱাৰ সময়তে তীব্ৰবেগী বাহনৰ খুন্দা, ৫মহীয়া দেৱশিশুসহ মৃত্যু মাতৃৰ…

নিউজ ডেস্কঃ ৰিক্সা ধৰিবলৈ বুলি পথ পাৰ হ’বলৈ লওতেই তীব্ৰবাগে বাহনৰ খুন্দাত কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল ৫ মহীয়া শিশুসহ মাতৃয়ে।

এই মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয় মধ্যপ্ৰদেশৰ ইন্দোৰৰ ঝলাৰিয়া ফাটেত।

জানিব পৰা মতে, পথ পাৰ হোৱাৰ সময়ত তীব্ৰবেগী বাহনৰ খুন্দাত ৫ মহীয়া দেৱশিশুটিৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে মাতৃ গুৰুতৰভাৱে আহত হয়।

পিছত আহত মহিলাগৰাকীক সংকটজনক অৱস্থাত এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে।

ইফালে স্থানীয় লোকে দুৰ্ঘটনা সংঘটিত বাহনখন খেদি খেদি চালকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ঝলাৰিয়া ফাটেৰ নিৱাসী প্ৰদীপ মুণ্ডালৰ পত্নী শীতলে তেওঁলোকৰ ৫ মহীয়া সন্তান মোক্ষক লগত লৈ ক’ৰবালৈ যাবলৈ বুলি ৰিক্সা ধৰিব বিচাৰিছিল।

দূৰৈৰ পৰা ৰিক্সাখন ৰখাই পথ পাৰ হৈ সিটো পাৰলৈ যোৱাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি ইতিমধ্যে অভিযুক্ত চালকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!