মৰ্মান্তিক! ৰাখী বন্ধনৰ বাবে ছুটীত ঘৰলৈ আহি দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫ ভগ্নীৰ ভাতৃ সেনা জােৱানে

নিউজ ডেস্কঃ ৫ ভগ্নীৰ পৰা ৰাখী পিন্ধিবলৈ এমাহৰ ছুটী লৈ ঘৰলৈ আহিছিল ভাৰতীয় সেনা জোৱান লেখৰাজ। কিন্তু ভগ্নীৰ হাতৰ পৰা ৰাখী পিন্ধাৰ ইচ্ছা পূৰণ হোৱাৰ পূৰ্বেই দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে সেনা জোৱানজনৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ভৰতপুৰত। শুকুৰবাৰে ভৰতপুৰৰ চিকসানা থানা এলেকাৰ অন্তৰ্গত দাৰাপুৰ খুড়ত এখন টেম্প’ৰ খুন্দাত প্ৰাণ হেৰুৱায় ৩৫ বৰ্ষীয় সেনাৰ চুবেদাৰ লেখৰাজৰ।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ ২১ ৰাজপুত বেটেলিয়ানত চুবেদাৰ পদত নিযুক্ত হৈ আছিল লেখৰাজ। তেওঁৰ ৫ ভগ্নীৰ পৰা ৰাখী পিন্ধিবলৈ এমাহৰ ছুটী লৈ ঘৰলৈ আহিছিল ৫ দিন পূৰ্বে।

কিন্তু শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২.৪৫ বজাত এটিএমৰ পৰা টকা উলিয়াবলৈ ঘৰৰ পৰা ওলাই অহাৰ পিছতে এখন টেম্প’ৱে পিছফালৰ পৰা লেখৰাজৰ বাইকত খুন্দা মৰাত গুৰুতৰভাৱে আহত সেনা জোৱানগৰাকী।

photo1659772793
মৰ্মান্তিক! ৰাখী বন্ধনৰ বাবে ছুটীত ঘৰলৈ আহি দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫ ভগ্নীৰ ভাতৃ সেনা জােৱানে 2

লগে লগে স্থানীয় লোকে লেখৰাজক হাস্পতাললৈ লৈ যায় যদিও তেতিয়ালৈকে মৃত্যু ঘটে জোৱানজনৰ। লেখৰাজৰ মৃত্যুৰ বাতৰি লাভ কৰি শোকত ভাগি পৰিছে তেওঁৰ পৰিয়াল।

উল্লেখ্য যে, লেখৰাজৰ ৫ ভগ্নীৰ ইতিমধ্যে বিবাহ সম্পন্ন হৈ গৈছে। ৰাখী উপলক্ষ্যে তৃতীয় ভগ্নী কমলেশ ঘৰলৈ আহিছিল যদিও বাকী ৪ ভগ্নী ক্ৰমে মুখান, নীৰজ, কৃপা আৰু আশা ঘৰলৈ অহাৰ বাবে বাট চাই আছিল সেনা জোৱানগৰাকী।

৪ সন্তানৰ পিতৃ সেনা জোৱানগৰাকীৰ মৃত্যুৱে শোকবিহ্বল কৰি তুলিছে তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।