অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! স্বামীৰ মৃত্যুৰ শোকত ভাগি পৰা পত্নীয়েও বিদায় ল’লে ইহ সংসাৰৰ পৰা, শোকস্তব্ধ পৰিয়াল…

নিউজ ডেস্কঃ স্বামীৰ মৃত্যুৰ শোকত ম্ৰিয়মান হৈ পৰা পত্নীয়েও শেষ নিশ্বাস ত্যাগ কৰিলে কিছুসময় পিছতে।

যাৰ বাবে একেলগে জ্বলিল পতি-পত্নীৰ চিতা।

এনে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হামিৰপুৰ জিলাৰ ৰাথ চহৰৰ পাঠানপুৰা গায়ত্ৰী নগৰত।

জানিব পৰা মতে, পাঠানপুৰা মহল্লাৰ নিৱাসী ৭২ বৰ্ষীয় গয়া প্ৰসাদ ছোনী বিগত কিছুদিন ধৰি বাৰ্ধক্যজনিত অসুস্থতাত ভুগি আছিল।

সোমবাৰে দুপৰীয়া তেওঁ চাহ খাব বিচৰাত পত্নী গোমতী দেৱীয়ে তেওঁক চাহ আনি দিয়ে।

কিন্তু চাহ খোৱাৰ কিছুসময় পিছতে মৃত্যুক সাৱটি লয় গয়া প্ৰসাদ ছোনীয়ে।

আনহাতে স্বামীৰ মৃত্যুক শোকত ভাগি পৰা পত্নী গোমতী দেৱীয়েও স্বামীৰ মৃত্যুৰ কিছুসময় পিছতে ইহ সংসাৰৰ পৰা বিদায় লয়।

তেওঁলোকৰ পুত্ৰ বিনোদ কুমাৰে জানিবলৈ দিয়া মতে, তেওঁৰ মাতৃ গোমতী দেৱী সম্পূৰ্ণ সুস্থ হৈ আছিল। কিন্তু পিতৃৰ মৃত্যুত তেওঁ একেবাৰে ভাগি পৰিছিল।

পিতৃ-মাতৃক একেলগে হেৰুৱাই এতিয়া শোকস্তব্ধ হৈ পৰিছে পৰিয়ালটো।

গয়া প্ৰসাদ আৰু গোমতী দেৱীৰ একেলগে অন্তিম সৎকাৰ কৰি শেষ বিদায় জনায় পৰিয়ালটোৱে।

Related Articles

Back to top button