fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! সাত জনমৰ প্ৰতিশ্ৰুতিৰে হোমৰ জুইক সাক্ষী কৰাৰ সময়তে হঠাৎ ঢলি পৰিল দৰা, হৃদক্ৰিয়া বন্ধ হৈ সাৱটিলে মৃত্যু…

নিউজ ডেস্কঃ চৌদিশে উখল মাখল পৰিৱেশ।

কইনাৰ ঘৰত পুৰোহিতৰ মন্ত্ৰধ্বনিয়ে জীপাল কৰিছিল ৰভাতলী।

পুৰোহিতৰ ইংগিতত নিজ নিজ আসনৰ পৰা উঠি ৭ জনমৰ বাবে এক হোৱাৰ প্ৰতিজ্ঞাবদ্ধ হৈ সাতপাক ঘূৰিবলৈ লৈছিল দৰা-কইনাই।

কিন্তু তেতিয়াই ঘটিল সেই অঘটন! যি অঘটনে নিমিষতে দুখৰ অৰণ্যলৈ পৰিণত কৰিলে বিয়াৰ ৰভাতলী।

বিয়াৰ ৰীতি-নীতিৰে দৰা-কইনাই হোমৰ জুইৰ চাৰিওফালে সাত পাক ঘূৰিবলৈ লোৱাৰ সময়তে হঠাৎ সংজ্ঞাহীন হৈ ঢলি পৰে বিয়াৰ দৰা।

লগে লগে দৰাক নিকটৱৰ্তী হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে হৃদৰোগত আক্ৰান্ত হৈ দৰাৰ মৃত্যু ঘটা বুলি ঘোষণা কৰে।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ হালদ্বানীৰ ৰাণীখেতত।

জানিব পৰা মতে, শনিবাৰে বিবাহ পাশত আৱদ্ধ হোৱাৰ দিন আছিল মেট্ৰিক্স হাস্পতালত কৰ্মৰত হালদ্বাণীৰ বাসিন্দা সমীৰ উপাধ্যায়।

দুপৰীয়া বৰযাত্ৰীসহ দৰাৰ সাজত সমীৰ উপস্থিত হয় ৰাণীখেতস্থিত কইনাৰ ঘৰত।

তাত সামাজিকভাৱে বিবাহৰ ৰীতি-নীতি সম্পদান কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ মাটিত ঢলি পৰে দৰা সমীৰ উপাধ্যায়।

লগে লগে যুৱকজনক স্থানীয় এছ এছ শ্ৰীবাস্তৱ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও হৃদক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু ঘটা বুলি ঘোষণা কৰে চিকিৎসকে।

বিয়াৰ উখল মাখল পৰিৱেশৰ মাজতে এনদৰে দৰাৰ আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে সকলোৱে।

ইফালে হোমৰ গুৰিত বহি ৰোৱা কইনাইও এই খবৰ লাভ কৰাৰ পিছতে অচেতন হৈ পৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!