মৰ্মান্তিক! সাগৰ তীৰত অৱসৰ বিনোদনৰ সময়তে দুই সন্তানসহ ঢৌত উটি গ’ল পিতৃ

নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ একেটা পৰিয়ালৰে তিনিজন সদস্য ওমানৰ সাগৰত ডুব যোৱা ঘটনাই সৃষ্টি কৰিছে শোকাবহ পৰিস্থিতিৰ । হঠাতে ডুব যোৱা নিজৰ পুত্ৰ কন্যাক বচাবলৈ লঁওতেই বিশাল ঢৌৱে উটুৱাই নিয়ে পিতৃ গৰাকীকো।
এই শোকাৱহ দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাইছে চাংলিৰ জাট গাঁৱৰ বাসিন্দা শশীকান্ত মহামানে তথা তেওঁৰ ৯ বছৰীয়া কন্যা শ্ৰুতি আৰু ৬ বছৰীয়া পুত্ৰ শ্ৰেয়াসে। মৃত শশীকান্ত পেছাত যান্ত্ৰিক অভিযন্তা আৰু তেওঁ ডুবাইৰ এটা বহুজাতিক কোম্পানীত কৰ্মৰত আছিল।

তেওঁৰ পত্নী চাৰিকাও তেওঁৰ সৈতে ডুবাইতে বাস কৰিছিল। জানিব পৰা মতে, দেওবাৰে শশীকান্তই তেওঁৰ পৰিয়াল আৰু কিছু বন্ধুৰ সৈতে ফুৰিবলৈ বুলি ওমানলৈ গৈছিল। ওমানৰ সালালহা নামৰ ঠাইত পৰিয়ালসহ শশীকান্ত আৰু বন্ধুবৰ্গই সৈতে সাগৰৰ ঢৌ উপভোগ কৰি আছিল।
Maharashtra's family drown at Oman beach, Girl swept away on camera | *newshttps://t.co/w9ezicTHqO #Oman #MaharashtraFamilyDrowned pic.twitter.com/z7DNirbN4V
— Oneindia News (@Oneindia) July 14, 2022
এই সময়ছোৱাতে, এক বিশাল ঢৌত শশীকান্তৰ সন্তান দুটি আৰু আন বহুতো লোক সাগৰৰ মাজলৈ উটি যায়। সন্তানদুটিক বচাবলৈ বুলি শশীকান্তইও জপিয়াই পৰে যদিও সাগৰৰ অশান্ত বুকুত তেওঁ নিজেও ডুব যায়।
সাগৰত ডুব যোৱাৰ পিছতে শশীকান্ত আৰু তেওঁৰ সন্তান দুটিৰ উদ্ধাৰ অভিযান চলি আছে যদিও তেওঁলোকৰ বৰ্তমানলৈকে কোনো সন্ধান উলিয়াব পৰা নাই।

ওমানৰ সাগৰ তীৰৰ এই শোকাবহ ঘটনাটোৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে।