fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! সপৰিয়ালে মন্দিৰ দৰ্শন কৰি ওভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা, মৃত্যু স্বামী-স্ত্ৰী আৰু ভতিজাকৰ…

নিউজ ডেস্কঃ শিৰডী দৰ্শন কৰি পৰিয়ালৰ সৈতে উভতি অহাৰ পথতে কাৰ্গো ট্ৰাকৰ সৈতে সংঘটিত মুখামুখি সংঘৰ্ষক অকাল মৃত্যু এহাল স্বামী-স্ত্ৰী আৰু ভতিজাকৰ।

সোমবাৰে নিশা এই মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ সমৃদ্ধি ঘাইপথৰ বৈজাপুৰ থানাৰ অন্তৰ্গত পিম্পলগাঁৱৰ সমীপত।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন দুটি শিশুও।

দুৰ্ঘটনাত নিহত সকলক ছত্ৰপতি জিলাৰ সম্ভাজিনগৰৰ নিৱাসী অনিল কিষাণ ৰাথোৰ (৩৫) তেওঁৰ পত্নী ভাগ্যশ্ৰী অনিল ৰাথোৰ (৩২) আৰু ভতিজা ৰোহিত সুনীল ৰাথোৰ (১২) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, অনিল কিষাণ ৰাথোৰৰ পৰিয়ালটোৱে শিৰডী ভ্ৰমণলৈ গৈছিল।

তাৰ পৰা সোমবাৰে নিশা তেওঁলোকে ঘৰলৈ ওভতাৰ পথতে এখন কাৰ্গো ট্ৰাকৰ সৈতে তেওঁলোকৰ বাহনৰ মুখামুখি সংঘৰ্ষ ঘটে।

এই ভয়ংকৰ দুৰ্ঘটনাত অনিল, তেওঁৰ পত্নী আৰু ভতিজাকৰ থিতাতে মৃত্যু ঘটে।

ইফালে সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে গাড়ীৰ পিছৰ চিটত বহি অহা আন দুটি শিশুৰ।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!