fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! শ্ৰমিক কঢ়িওৱা বাহনত প্ৰচণ্ড খুন্দা চুপাৰিভৰ্তি ট্ৰাকৰ, থিতাতে নিহত ৫ জন…

নিউজ ডেস্কঃ শ্ৰমিক কঢ়িয়াই নিয়া এখন এখন বাহনত চুপাৰিভৰ্তি এখন দ্ৰুতবেগী ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত কৰুণ মৃত্যুক সাৱটি লয় ৫ জনকৈ শ্ৰমিকে।

মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ ডেদতলাই-শ্বেখপুৰাৰ মাজত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন ৯ জন শ্ৰমিক।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত সকলক উদ্ধাৰ কৰি খাকনাৰৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাটোত নিহত সকলক পাৰ্বতী ৰামসিং দিংকাৰ (৩২), নন্দিনী ৰামসিং দিংকাৰ (১২), দুৰ্গা কালু তাণ্ডিলকাৰ (১৪), ৰমেশ মংগল (৩৫) আৰু জামৱন্তী বাই ৰমেশ (৩২) বুলি চিনাক্ত কৰা হৈছে।

জনিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত শ্ৰমিক সকলে খাণ্ডৱাৰ পৰা ডেদতলাই অভিমুখে গৈ আছিল।

সেই সময়তে ডেদতলাই পৰা খাণ্ডৱা অভিমুখে গৈ থকা চুপাৰি ভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে খুন্দা মাৰে।

দুৰ্ঘটনাত আহত ৯ জনৰ ভিতৰত ৩ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি ইতিমধ্যে আটক কৰিছে ট্ৰাকখনৰ চালকজনক।

Related Articles

Back to top button