মৰ্মান্তিক! বিয়াৰ উখল মাখল পৰিৱেশৰ মাজত দৰাৰ গাত হালধি সানি থাকোতেই হঠাৎ ঢলি পৰি মৃত্যু বন্ধুৰ, ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ মৃত্যু কেতিয়া কাৰ বাবে, কেনেকৈ আহে কোনে জানে!
সমগ্ৰ বিশ্বত এতিয়া বৃদ্ধি পাইছে আকস্মিক মৃত্যুৰ ঘটনা।
কোভিড মহামাৰীৰ পিছতে বিশ্বজুৰি সংঘটিত হোৱা আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰিছে আত্মীয়-স্বজন, বন্ধু-বান্ধৱ সকলোকে।
শেহতীয়াকৈ ভাৰততো হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা বৃদ্ধি পাইছে।
ক্ষন্তেক সময় আগলৈকে হাঁহি মাতি থকা যুৱকজনো হঠাৎ শুই পৰিছে মৃত্যুৰ শীতল কোলাত।
তেনে এক ঘটনাৰে আন এক ভিডিঅ’ই এতিয়া শোকাহত কৰিছে সকলকে।
এই ভিডিঅ’টোত দৰাৰ কাষত বহি থকা সময়তে এজন ব্যক্তিৰ মৃত্যু ঘটা দেখিবলৈ পোৱা গৈছে।
ऐसा पहले कभी नहीं था अचानक हो रही मौतो की बाढ़ आ गयी है ..!
— Manoj KAKA (@ManojSinghKAKA) February 23, 2023
सरकार को इस भयानक भयावह जानलेवा समस्या पर विचार करना चाहिए
इसके कारणों का पता चलना चाहिए pic.twitter.com/hPpTwijqPx
জানিব পৰা মতে, সেয়া আছিল বিয়াৰ হালধি অনুষ্ঠান।
কাষত বহি থকা দৰাৰ গাত সেই সময়ত হালধি সানি আছিল এজন বন্ধুৱে।
কিন্তু তেতিয়াই আকস্মিকভাৱে ঢলি পৰে যুৱকজন।
লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদিও হৃদক্ৰিয়া বন্ধ হৈ যুৱকজনৰ মৃত্যু ঘটা বুলি ঘোষণা কৰে চিকিৎসকে।
মৃত যুৱকজনৰ নাম ৰাব্বানী বুলি জানিব পৰা গৈছে।
সামাজিক মাধ্যমত এই কৰুণ ঘটনাৰ ভিডিঅ’ এতিয়া দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।