
নিউজ ডেস্কঃ গুজৰাটৰ আহমেদাবাদত শোকাবহ ঘটনা।
ঘৰৰ বাথৰুমত লগোৱা গীজাৰ বিস্ফোৰণ ঘটি মৃত্যু এগৰাকী যুৱতীৰ।
আহমেদাবাদৰ গিৰধৰ নগৰ চক্ৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
জানিব পৰা মতে, বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটি বিস্ফোৰিত হয় বাথৰুমৰ গীজাৰটো।
এই ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটে এগৰাকী যুৱতীৰ।
পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।