fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! বন্ধুৰ জন্মদিন উদযাপন কৰিবলৈ গৈ ডাম্পাৰৰ খুন্দাত অকাল মৃত্যু ৬ বন্ধুৰ, মাত্ৰ কেইমিনিটমান পূৰ্ব পোষ্ট কৰিছিল ৰীল ভিডিঅ’…

নিউজ ডেস্কঃ বন্ধুৰ জন্মদিন উদযাপন কৰি উভতি অহাৰ পথতে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল ৬ বন্ধুৱে।

এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ফৰিদাবাদ-গুৰুগ্ৰাম পথত।

বৃহস্পতিবাৰে নিশা ফৰিদাবাদৰ মংগৰ আৰক্ষী চকীৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাত নিহত সকলক পলৱান কেম্প এলেকাৰ নিৱাসী পুনিট মংলা, যতীন, আকাশ ওৰফে নোনু গুলাটি, সন্দীপ, বলজিত আৰু বিশাল ছেঠী বুলি চিনাক্ত কৰা হৈছে।

image 4

জানিব পৰা মতে, দুদিন পূৰ্বে ৬ বন্ধুৱে ফুৰিবলৈ বুলি নৈনীতাললৈ গৈছিল।

তাত বৃহস্পতিবাৰে এজন বন্ধুৰ জন্মদিন কৰাৰ পিছত গুৰুগ্ৰামলৈ উভতি অহাৰ সময়তে এখন তীব্ৰবেগী ডাম্পাৰে তেওঁলোকৰ অল্ট’ বাহনখন মহটিয়াই নিয়ে।

এই ভয়ংকৰ দুৰ্ঘটনাত ৬ যুৱকৰ থিতাতে মৃত্যু ঘটে।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

image 5

ইফালে এই দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰ চালকজনে পলায়ন কৰে যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত চালকজনক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, এই ভয়াবহ দুৰ্ঘটনাৰ মাত্ৰ কেইমিনিটমান পূৰ্বে ইনষ্টাগ্ৰামত এটা ৰীল ভিডিঅ’ পোষ্ট কৰিছিল মৃত সন্দীপে।

য’ত আটাইকেইজন বন্ধুৱে গাড়ীৰ ভিতৰত গীতৰ তালে তালে আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছিল।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত যুৱক কেইজনে সুৰাপান কৰা নাছিল বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।

ডাম্পাৰ চালকৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰি আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Related Articles

Back to top button