fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! ফাল্গুন উৎসৱত অংশ লৈ উভতি অহাৰ পথতে তীব্ৰবেগী বাহনৰ খুন্দাত বাগৰি পৰিল ট্ৰেকৰ ট্ৰলী, ৪ মহিলাৰ মৃত্যু

নিউজ ডেস্কঃ হাৰিয়ানাৰ পানীপটত শুকুৰবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৩গৰাকী মহিলা আৰু এগৰাকী কিশোৰীৰ মৃত্যু ঘটাৰ বিপৰীতে আন ১৫ গৰাকী গুৰুতৰভাৱে আহত হয়।

তেওঁলোকে যাত্ৰা কৰা ট্ৰেক্টৰ ট্ৰলীখনত বিপৰীত দিশৰ পৰা অহা আন এখন বাহনে প্ৰচণ্ড জোৰে খুন্দা মৰাত নিয়ন্ত্ৰণ হেৰুৱাই লুটি খাই পৰে ট্ৰেকৰ ট্ৰলীখন।

পানীপট জিলাৰ ৪৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাট্টিপুৰ গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত মহিলা কেইগৰাকীয়ে পানীপটৰ চুলকানাৰ খাতু শ্যাম ধামত তিনিদিনীয়াকৈ অনুষ্ঠিত ফাল্গু উৎসৱত অংশগ্ৰহণ কৰি উভতি আহিছিল।

নিহত সকলক জিলাখনৰ ঊঝা গাঁৱৰ নিৱাসী বুলি জানিব পৰা গৈছে।

অচিনাক্ত বাহন চালকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৭৯, ৩০৪এ, ৩৩৭ আৰু ৪২৭ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!