fbpx
অসমীয়াঅসম

মৰ্মান্তিক! পুত্ৰৰ জন্মদিনৰ বাবে ঘৰত বৈদ্যুতিক সৰঞ্জাম সংযোগৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু যাদৱ দত্তৰ

নিউজ ডেস্কঃ পুত্ৰৰ জন্মদিনৰ বাবে ঘৰত বিদ্যুতৰ কাম কৰি থাকোতেই বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ গ’ল পিতৃৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ সমীপৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত দিছিয়াল গাঁৱত।

জানিব পৰা মতে, দিছিয়াল গাঁৱৰ নিৱাসী সুলভ মূল্যৰ এজেণ্ট যাদৱ দত্ত (৩৮)ৰ পুত্ৰ ৰাজদ্বীপৰ ১০ বছৰীয়া জন্মদিনৰ বাবে কিছু বৈদ্যুতিক সামগ্ৰী ক্ৰয় কৰি আনিছিল যাদৱ দত্তই।

মঙলবাৰে নিশা যাদৱ দত্তই ঘৰত নিজেই বিদ্যুৎ সংযোগ কৰি থকাৰ সময়তে হঠাৎ বিদ্যুৎস্পৃষ্ট হৈ অচেতন হৈ পৰে। লগে লগে আনটো কোঠাত থকা তেওঁৰ পত্নীয়ে এই বিষয়ে জানিব পাৰি ঘৰৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়ে। ওচৰ চুবুৰীয়াৰ সহযোগত ততাতৈয়াকৈ যাদৱ দত্তক সংকটজনক অৱস্থাত জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ব্যক্তিজনক।

পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজনৰ মৃত্যুত শোকত ভাগি পৰিছে পত্নী আৰু একমাত্ৰ পুত্ৰ। আনহাতে এই ঘটনাই সমগ্ৰ অঞ্চলটোতো শোকৰ ছাঁ পেলাইছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!