নিউজ ডেস্কঃ নিয়ন্ত্ৰণ হেৰুৱাই এখন স্ক’ৰপিঅ’ বাহন পথৰ ওপৰতে বাগৰি পৰাত এগৰাকী মহিলাসহ মৃত্যুক সাৱটিলে ৩ জনকৈ লোকে।
এই ভয়াবহ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাহনখনত থকা আন তিনিজন লোকো।
ডিমা হাচাও জিলাৰ খেৰণি-উমৰাংচু পথৰ লংকু আৰক্ষী চকীৰ অন্তৰ্গত লাংৰিত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।
জানিব পৰামতে খেৰণিৰ পৰা উমৰাংচুলৈ গৈ থকা এএছ-০২জেড-৫৯৮৬ নম্বৰৰ তীব্ৰবেগী স্ক’ৰপিঅ’ বাহনখন নিয়ন্ত্ৰণহীন হৈ পথৰ ওপৰতে বাগৰি পৰাত বাহনখন চূৰ্ণ বিচূৰ্ণ হৈ পৰে।
এই ভয়াবহ দুৰ্ঘটনাটোত নিহত সকলৰ দুজনক সুমিত লাংথাছা আৰু প্রসেনজিৎ নাইডিংছা বুলি চিনাক্ত কৰা হৈছে যদিও নিহত মহিলাগৰাকীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
ইফালে দুৰ্ঘটনাত আহত বাহনখনৰ চালকসহ ৩ জনক পৰৱৰ্তী সময়ত উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয়।