মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই ডেৰ শ ফুট দ খাৱৈত বাগৰি পৰিল বাহন, মহিলাসহ ৫ জনৰ কৰুণ মৃত্যু

নিউজ ডেস্কঃ মিজোৰামৰ চাম্পাই জিলাত ভয়ংকৰ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ডেৰশ ফুট দ খাৱৈত বাগৰি পৰিল বাহন।

দুৰ্ঘটনাত থিতাতে নিহত মহিলাসহ ৫ জন লোক।

আনহাতে আহত হৈছে আন তিনিজন।

শুকুৰবাৰে পুৱা চম্পাই জিলাৰ আইজল-জোখোৱাথাৰ পথত চুংটেত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।

জানিব পৰা মতে, ৮ জন যাত্ৰী কঢ়িয়াই নিয়া টাটা ছুম’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ডেৰ শ ফুট দ খাৱৈত বাগৰি পৰে।

দুৰ্ঘটনাৰ সময়ত আইজলৰ পৰা জোখোৱাথাৰ অভিমুখে গৈ আছিল বাহনখন।

এই শোকাবহ দুৰ্ঘটনাটোত নিহত সকলক গিন্সিয়ানখুপা (৩২), টিয়ালিয়ানচেউয়া (৩৭), লাললুংঘনেমা (৩৬), মুংছিয়ান্দাৱংগা (৩৭) আৰু পাৰ্থাই (৩৭) বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ পিছত আহত ৩ জনক চম্পাই জিলাৰ চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।