fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! ধৰ্মীয় অনুষ্ঠানলৈ গৈ থকাৰ সময়তে বাছৰ সৈতে ভয়ংকৰ সংঘৰ্ষ ট্ৰেকৰৰ, ৩ মহীয়া দেৱশিশুসহ মৃত্যু ৫ জনৰ…

নিউজ ডেস্কঃ যাত্ৰীবাহী বাছ আৰু ট্ৰেকৰৰ প্ৰচণ্ড সংঘৰ্ষত তিনিমহীয়া দেৱশিশুসহ মৃত্যু ৫ জনকৈ লোকৰ।

বৃহস্পতিবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় চেন্নাইৰ কৃষ্ণগিৰিত।

দুৰ্ঘটনাত নিহত সকলক মুথু (২০), মল্লী (৬০), মুনুস্বামী (৫০), বসন্তী (৪৫) আৰু তিনিমহীয়া বৰ্ষিনী বুলি চিনাক্ত কৰা হৈছে।

নিহত আটাই কেইজনেই ধৰ্মপুৰী জিলাৰ সৱলুৰ গাঁৱৰ নিৱাসী বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

জানিব পৰা মতে, লোক কেইজনে ট্ৰেক্টৰেৰে কাবেৰীপট্টিনামৰ এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈ থকা সময়তে বাংগালুৰৰ পৰা চেলেম অভিমুখে গৈ থকা বাছখনৰ সৈতে সংঘৰ্ষ ঘটে।

এই দুৰ্ঘটনাত শিশুসহ ৫ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন ৬জন লোক।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি কৃষ্ণগিৰি চহৰৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!