fbpx
ৰাষ্ট্ৰীয়অসমীয়া

মৰ্মান্তিক! জ্বলি আছিল ভগ্নীৰ চিতা, সেই সময়তে ভাতৃয়ে ল’লে ভয়ংকৰ পদক্ষেপ…

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা!

ভগ্নীৰ চিতাত জঁপিয়াই প্ৰাণ আহুতি দিলে এগৰাকী ভাতৃয়ে।

এই কৰুণ ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ সাগৰ জিলাৰ এখন গাঁৱত।

মৃত যুৱকজনৰ নাম কৰণ ঠাকুৰ (১৮)।

জানিব পৰা মতে, সাগৰ জিলাৰ বাহেৰিয়া থানাৰ এলেকাধীন মঝগাৱা গাঁৱত এগৰাকী যুৱতী কুঁৱাত পৰি মৃত্যু মুখত পৰিছিল।

এই খবৰটো সম্পৰ্কীয় ভাতৃগৰাকীৰ কাণত পৰা লগে লগে ৪৩০ কিলোমিটাৰ দূৰৰ ধাৰৰ পৰা যুৱতীজনীৰ ঘৰলৈ আহি পোনে পোনে শ্মশান ঘাটলৈ গৈ জ্বলন্ত চিতাৰ ওপৰত শুই পৰিছিল।

পিছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও ইতিমধ্যে মৃত্যু হৈছিল।

photo 2022 06 12 22 11 21

ঘটনাৰ ৩৬ ঘণ্টাৰ পিছত, পৰিয়ালটোৱে দেওবাৰে ৰাতিপুৱা ভনীয়েকৰ চিতাৰ ওচৰত যুৱক জনৰো অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে।

প্ৰথমে মৃত্যু হোৱা জ্যোতি ওৰফে প্ৰীতি (২১) বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত পাচলি আনিবলৈ খেতিলৈ গৈছিল, যদিও বহু দেৰিলৈকে ঘূৰি অহা নাছিল, পিছত ৰাতিলৈকে গাওঁখনত অনুসন্ধান চলোৱাৰ পিছতো জ‍্যোতিৰ কোনো সন্ধান পোৱা নাছিল।

পিছত দেউতাক ভোলে সিঙে শুক্ৰবাৰে পুৱা খেতিপথাৰতে থকা এটা কুঁৱাত জ‍্যোতিৰ মৃতদেহ দেখা পাই আৰক্ষীক খবৰ দিয়ে।

p5 1

পিছত আৰক্ষীয়ে জ্যোতিৰ মৃতদেহটো কুঁৱাৰ পৰা উলিয়াই মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই খবৰটো কাণত পৰা পিছতেই কৰণ ঠাকুৰ (১৮) এখন বাইকত ঘটনাস্থলীলৈ ৰাওনা হৈছিল।

শুক্ৰবাৰে সন্ধিয়া ৬ বজাত জ‍্যোতিৰ অন্তিম সংস্কাৰৰ পিছত গাওঁখনৰ সকলো লোক ঘৰলৈ উভতি অহালৈকে কৰণ ঠাকুৰ তাত উপস্থিত হোৱা নাছিল।

শনিবাৰে পুৱা ১১ বজাতহে গাওঁখনৰ কিছুলোকে কৰণক জ্যোতিৰ চিতাৰ ওচৰৰ জ্বলি থকা দেখা পায়।

কৰণ প্ৰায়ে ধাৰৰ পৰা মাঝগুয়ান গাঁৱলৈ আহিছিল বাবে গাওঁখনৰ প্ৰায়সংখ‍্যক লোকে কৰণকো চিনি পাইছিল। পিছত চিকিৎসালয়লৈ নিয়াৰ সময়তে কৰণৰ মৃত্যু হৈছিল।

p5 2

কৰণৰ দেউতাক উদয় সিঙে এই খবৰ পোৱাৰ পিছত কৈছিল যে কৰণে শুক্ৰবাৰে সন্ধিয়াই বাইক লৈ ৰাওনা হৈছিল।

গাওঁবাসীয়ে তেওঁক প্ৰায় ১১ বজাতহে জ্বলি যোৱা অৱস্থাত দেখা পাইছিল। তাৰ পিছতে তেওঁক গাওঁবাসীয়ে চিকিৎসালয়লৈ লৈ যায় যদিও বাটতে তেওঁৰ মৃত্যু হয়।

মৃতদেহৰ মৰনোত্তৰ পৰীক্ষাৰ পিছতে মাক দেউতাকৰ উপস্থিতিত দেওবাৰে ৰাতিপুৱা পৰিয়ালটোৱে জ্যোতিৰ চিতাৰ ওচৰতে কৰণৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে।

আৰক্ষীয়ে দুয়োটা মৃত্যুৰ ঘটনাৰে তড়িৎ গতিত তদন্ত কৰি আছে।

লগতে চাওকঃ

দাতাই দিলেও… ৪ বছৰৰ ব্যৱধানত এটা দুৰ্ভগীয়া পৰিয়ালে হেৰুৱালে দুই যমজ পুত্ৰ সন্তানক…

G5 7

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!