
নিউজ ডেস্কঃ ঘৰখনত সপোনে ঠন ধৰি উঠিছিলহে, তেনেতেই নুমাই থাকিল আশাৰ প্ৰদীপ গছি।
কেঁচা ঘৰটো পকী কৰাৰ কথা আছিল। ভনীজনীক ভালকৈ পঢ়ুওৱাৰ হেঁপাহটোও এতিয়া বাকী থাকি গ’ল।
কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ পিছত লাভ কৰা চৰকাৰী চাকৰিটোৰে ঘৰখন সজাই তোলাৰ পূৰ্বেই বিদায় ল’লে যুৱকজনে।
শিৱসাগৰৰ মগৰহাট গড়কাষৰীয়া গাঁৱৰ নিৱাসী মিণ্টু!
দৰিদ্ৰ পৰিয়ালৰ ল’ৰাটোৱে এইবাৰ জানুৱাৰী মাহত নিযুক্তি লাভ কৰিছিল অসম আৰক্ষীৰ কমাণ্ডো বাহিনীত। প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাই নাছিল।
চাকৰি লাভৰ পিছতে ভাল দিন ঘূৰি আহিছিল ঘৰখনলৈ। পৰিয়াল বুলিবলৈ মাক-দেউতাক আৰু ভনীয়েক এজনী।
দিন হাজিৰা কৰা দেউতাকে কোনোমতে জোৰা টাপলি মেলা ঘৰখনৰ বাবে একমাত্ৰ আশা আছিল মিণ্টু।
দেউতাকক কৈছিল- এইবাৰ ঘৰটো পকী কৰিব লাগিব।
ভনীয়েকক কৈছিল- তোক যি লাগে কবি, মই দিম।
দুদিন পূৰ্বে ৭ দিনৰ ছুটি লৈ তামুলপুৰৰ প্ৰশিক্ষণস্থলীৰ পৰা ঘৰলৈ আহিছিল মিণ্টু। কাৰণ আছিল- আত্মীয়ৰ বিয়া।
কিন্তু আত্মীয়ৰ বিয়ালৈ যাওতেই যে মিণ্টুৰ জীৱনলৈ নামি আহিব কাল অমানিশা, সেয়া কোনেও কল্পনা কৰিব পৰা নাছিল।
আত্মীয়ৰ বিয়াত উপস্থিত থকাৰ সময়তে হঠাৎ ঢলি পৰে মিণ্টু।
লগে লগে যুৱকজনক হাস্পতাললৈ লৈ যোৱা হয় যদিও পলম হৈ গৈছিল তেতিয়ালৈ। চিকিৎসকে মৃত ঘোষণা কৰে মিণ্টুক।
মিণ্টুৰ এনে আকস্মিক মৃত্যুৱে এতিয়া দুখৰ বন্যা নমাইছে পৰিয়াললৈ।
একমাত্ৰ পুত্ৰৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ পিছতে শোকত ভাগি পৰিছে পিতৃ-মাতৃ আৰু ভনীয়েক।
পৰিয়ালটোৰ একমাত্ৰ ভৰষা মিণ্টুৰ মৃত্যুৱে মৰ্মাহত কৰিছে গাঁওবাসীকো।