অসম

মৰ্মান্তিক! ঘৰৰ পাছফালে খন্দা পুখুৰীত পৰি দুই কণমানি ভাতৃ-ভগ্নীৰ সলিল সমাধি…

এক মৰ্মান্তিক ঘটনা।

ঘৰৰ পাছফালে খন্দা পুখুৰীত পৰি দুই ভাতৃ-ভগ্নীৰ সলিল সমাধি।

জুৰীয়াৰ কান্দুলিমাৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

জানিব পৰা মতে ঘৰৰ পাছফালৰ পুখুৰীৰ পাৰত খেলি থকাৰ সময়তে অকস্মাত পুখুৰীৰ পানীত পৰি কৰুণ মৃত্যুক আকোৱালি লবলগীয়া হয় শিশু দুটাই।

মৃত্যু হোৱা শিশু দুটা ক্ৰমে জেমিম কাউচাৰ(2) আৰু ছুৰীয়া খাতুন(2) বুলি জানিব পৰা গৈছে।

শিশু দুটাই পুখুৰীৰ পাৰত খেলি থকাৰ সময়তে পুখুৰীৰ গভীৰ পানীত পৰি যায়। বহু সময় শিশু দুটাক পৰিয়ালৰ লোকে নেদেখি বিচাৰ খোচাৰ কৰাত অৱশেষত পুখুৰীৰ পানীত শিশু দুটাৰ মৃতদেহ উদ্ধাৰ হয়।

একেখন ঘৰৰে ভাতৃ-ভগ্নীয়ে এনেদৰে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত শোকত ভাগি পৰিছে পিতৃ-মাতৃ তথা আত্মীয় স্বজন।

Leave a Reply

Your email address will not be published. Required fields are marked *