fbpx
অসমঅসমীয়া

মৰ্মান্তিক! কলেজলৈ স্কুটীৰে যাত্ৰা কৰা দুই ছাত্ৰীক মহটিয়াই নিলে ট্ৰেক্টৰে, ছাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনা।

মাটি কঢ়িওৱা ট্ৰেক্টৰৰ সৈতে স্কুটীৰ সংঘৰ্ষত প্ৰাণ গ’ল এগৰাকী কলেজীয়া ছাত্ৰীৰ্য

এই দুৰ্ঘটনাত স্থান হোজাই জিলাৰ লংকাৰ ডাবলং অঞ্চল।

মৃত ছাত্ৰীগৰাকীৰ নাম সংগীতা সৰকাৰ (১৮)।

জানিব পৰা মতে, লংকা জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল সংগীতা।

এই দুৰ্ঘটনাত একেখন কলেজৰে আছমিনা ছিদ্দিকা নামৰ এগৰাকী সহপাঠী ছাত্ৰীও গুৰুতৰভাৱে আহত হয়।

উল্লেখ্য যে দুয়ােগৰাকী ছাত্ৰীয়ে লংকাৰ জুনিয়ৰ কলেজলৈ স্কুটীত উঠি গৈ থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

vlcsnap 2023 01 31 11h33m04s929

মাটি কঢ়িওৱা ট্ৰেক্টৰে পিছফালৰ পৰা মহটিয়াই নিয়ে স্কুটীখনক।

ফলত স্কুটীৰ চালক আৰু পিছফালে বহি অহা ছাত্রী দুগৰাকী ছিটিকি পৰে।

image 111

লগে লগে স্থানীয় লোকে ছাত্ৰী দুগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে সংগীতাক।

image 112

আনগৰাকী ছাত্রী স্কুটীৰ চালক আছমিনা ছিদ্দিকাক লংকা প্রাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!