fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! একেখন বাইকত মাতৃ আৰু বন্ধুৰ সৈতে গৈ আছিল সংকেত, তীব্ৰবেগী টেম্প’ই মহটিয়াই নিয়াত তিনিওৰে মৃত্যু

নিউজ ডেস্কঃ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মাতৃ আৰু বন্ধুসহ প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন যুৱকে।

নিশা এই শোকাবহ ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ পুনেৰ বেলহা জেজুৰি ঘাইপথত।

জানিব পৰা মতে, সংকেত ডোকে নামৰ ২০ বৰ্ষীয় যুৱকজনে মাতৃ বিজয়া ডোকে (৫০) আৰু বন্ধু ওমকাৰ চন্দ্ৰকান্ত শুক্ৰে (২০)ৰ সৈতে একেখন বাইকেৰে ধমাৰীৰ পৰা শিক্ৰপুৰ অভিমুখে গৈ আছিল।

সেই সময়তে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী টেম্প’ই তিনিওকে মহটিয়াই নিয়াত ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় মাতৃ-পুত্ৰসহ তিনিওজনৰ।

দুৰ্ঘটনাত নিহত তিনিওজনক পুনেৰ খাদকৱাড়ী আম্বেগাঁওৰ নিৱাসী বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাস্থলীত পৰৱৰ্তী সময়ত আৰক্ষীৰ দল উপস্থিত হৈ নিহত সকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে টেম্প’ চালক অক্ষয় বাবনক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!