fbpx
অসম

মোদী, অমিত শ্বাহ নালাগে, ভগৱান আহিলেও আমাৰ ওপৰত ‘কা’ জাপি দিব নোৱাৰিবঃ অখিল গগৈ…

পুনৰ নাগৰিকত্ব সংশোধনী আইন প্ৰসংগক লৈ ৰাজ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

বৃহস্পতিবাৰে পশ্চিমবংগত CAA বলৱৎ কৰা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন।

অমিত শ্বাহে এখন ৰাজহুৱা সভাত ক’ভিড শেষ হ’লেই সমগ্ৰ দেশতে CAA বলৱৎ হ’ব বুলি স্পষ্ট কৰি দিছিল।

এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কোনপধ্যে অসমত ‘কা’ মানি লোৱা নহ’ব বুলি মন্তব্য কৰে।

অখিল গগৈয়ে কয়, জধে-মধে ‘কা’ জাপি দিব নোৱাৰিব আমাৰ ওপৰত। অমিত শ্বাহ, নৰেন্দ্ৰ মোদী নালাগে ভগৱান আহিলেও আমাৰ ওপৰত ‘কা’ জাপি দিব নোৱাৰিব। কাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ অব্যাহত আছে আৰু থাকিব।

s2uHubZu?format=jpg&name=small

উল্লেখ্য যে, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰখনে পদত্যাগ কৰাৰ দাবী তুলি শুক্ৰবাৰে ৰাইজৰ দলে গুৱাহাটী ক্লাবত সাব্যস্ত কৰে প্ৰতিবাদ। 

আজিৰে পৰা এমাহজোৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ ৰাইজৰ দলৰ। মূল্যবৃদ্ধি ৰোধ নকৰিলে বৃহৎ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দলটোৰ।

এই সন্দৰ্ভত অখিলে কয়- বিজেপিৰ পদুম ফুলৰ সৈতে সাপ আহিছে। সেই সাপে সকলো ফালৰ পৰা ৰাইজক খুটিছে।

Related Articles

Leave a Reply

Back to top button