fbpx
অসমীয়াৰাষ্ট্ৰীয়

মোক দুটা ঠাণ্ডা বিয়েৰ আনি দিব নেকি? ১০০ ডায়েল কৰি আৰক্ষীক অনুৰোধ এজন সুৰাসক্তৰ

নিউজ ডেস্কঃ কেতিয়াবা কিছুমান মানুহে অদ্ভূত কাণ্ড সংঘটিত কৰে।

বিশেষকৈ আৰক্ষীৰ জৰুৰীকালীন নম্বৰ ১০০লৈ ফোন কৰি আশ্বৰ্যকৰ কাণ্ড সংঘটিত কৰাৰ ঘটনা নতুন নহয়। কিছুদিন পূৰ্বে এজন ব্যক্তিয়ে ১০০ ডায়েল কৰি পত্নীয়ে ছাগলীৰ মাংস নৰন্ধাৰ বাবে অভিযোগ কৰিছিল।

কিন্তু এইবাৰ তাতকৈও ডাঙৰ কাণ্ড সংঘটিত কৰিলে আন এজনে। এই ঘটনা সোমবাৰৰ নিশাৰ। নিশা প্ৰায় ২.৩০ বজাত মধু নামৰ এজন ২২ বছৰীয়া যুৱকে ১০০ ডায়েল কৰি জৰুৰী কাৰণত ফোন কৰা বুলি কয়।

আৰক্ষীয়ে যুৱকজনক কি হৈছে বুলি সোধাত কেৱল জৰুৰী কাৰণ বুলি কৈয়েই ফোনটো কাটি দিয়ে যুৱকজনে। লগে লগে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি নিশাই যুৱকজনৰ ঘৰত উপস্থিত হয় দুজন আৰক্ষী কনিষ্টবল।

কিন্তু যুৱকজনৰ ঘৰত উপস্থিত হৈ আৰক্ষীয়ে যি দেখিলে সেয়া দেখি হতভম্ব হৈ পৰে তেওঁলোক। চৌদিশে শান্ত পৰিৱেশ। কোনো বিপদৰ আশংকা নাই।

কনিষ্টবল দুগৰাকীয়ে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দেখে যে এজন যুৱকে সুৰাসক্ত হৈ মজিয়াত পৰি আছে। মধু নামৰ সেই যুৱকজনেই ফোন কৰিছিল আৰক্ষীলৈ।

আৰক্ষীয়ে যুৱকজনক কিয় ফোন কৰিছিল বুলি পুনৰ প্ৰশ্ন কৰাত, যুৱকজনে এক আশ্বৰ্যকৰ অনুৰোধ কৰে আৰক্ষী কনিষ্টবল দুগৰাকীক।

যুৱকজনে কয়, ‘এতিয়া নিশা বহুত হৈছে। সকলো দোকান বন্ধ হৈ গৈছে। আপুনি মোক দুটা ঠাণ্ডা বিয়েৰ আনি দিব পাৰিব নেকি?’

যুৱকজনৰ এই কাণ্ডই আৰক্ষীক হাঁহিৰ খোৰাক দিয়াৰ লগতে বিৰক্তও কৰে।

যুৱকজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি নিশাই আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়। অৱশ্যে পিছদিনা পুৱা মুকলি কৰি দিয়ে মধু নামৰ যুৱকজনক।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!