fbpx
অসমীয়াআন্তঃৰাষ্ট্ৰীয়

মৃত্যুৰ বিভীষিকাৰ মাজতে জন্ম এটি দেৱকন্যাৰ! পিতৃ-মাতৃৰ নিথৰ দেহৰ কাষৰ পৰা উদ্ধাৰ কৰি চিকিৎসকে নাম দিলে ‘আয়া’, অৰ্থাৎ ‘অলৌকিক’…

নিউজ ডেস্কঃ শিশুটিৰ নাম ‘আয়া’ ৰখা হৈছে। তুৰ্কীছ ভাষাত এই নামৰ অৰ্থ ‘পৰী’। আৰাবিকত অৰ্থ ‘অলৌকিক’।

শিশুটিৰ নামেই এতিয়া তাইৰ পৰিচয়। সঁচাকৈয়ে, ধ্বংসৰ পৃথিৱীত তাই যেন সৰগৰ পৰা নামি অহা সম্ভাৱনাৰ এক অলৌকিক শক্তি।

বিধ্বস্ত ছিৰিয়াই তাইৰ জন্ম দেশ। প্ৰবল ভূমিকম্পই তাইৰ চহৰখন ধ্বংস কৰাৰ ঠিক কেইঘণ্টামান পূৰ্বে ধুনীয়া ধৰণীলৈ নামি আহিছিল সৰগৰ পৰীৰ দৰেই।

কিন্তু…

কিন্তু নিমিষতে যেন সকলো নিঃশেষ হৈ গ’ল। জন্মদাত্ৰী মাতৃৰ বুকুৰ উম ল’বলৈ নৌপাওঁতেই নিথৰুৱা হৈ পৰিল দেৱকন্যাটি।

image 50

যিখন ঘৰত তাইৰ আগমণক লৈ কিছু ঘণ্টা পূৰ্বে আনন্দৰ স্ৰোত বৈছিল, সেই ঘৰখন আৰু ঘৰ হৈ নাছিল। ধ্বংসস্তূপত পৰিণত হৈছিল সকলো।

যিখন চাদৰ তলত তাই ডাঙৰ হৈ খেলাৰ কথা আছিল, সেই চাদখনেই বুকু হেঁচি ধৰি মাৰি পেলালে তাইৰ জন্মদাত্ৰী মাতৃক।

যিজনৰ আঙুলিত ধৰি তাই প্ৰথম খোজ কাঢ়িবলৈ শিকাৰ কথা আছিল, সেই দেউতাককো তাই জন্ম হৈয়েই হেৰুৱালে।

উত্তৰ-পশ্চিম ছিৰিয়াৰ জেণ্ডেৰিছ চহৰত যেতিয়া উদ্ধাৰকাৰী দলে জীৱিতৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল, সেই সময়তে তাইক কোলাত তুলি তেজেৰে তুমুৰলি হৈ উদ্ধাৰকাৰী বাহিনীৰ কাষত থিয় হৈছিল কোনোবা এজন।

image 51

হয়তো সেয়াও আছিল তাই শেষবাৰৰ দেখা তাইৰেই কোনোবা এজন আত্মীয়।

উদ্ধাৰকাৰী দলে লগে লগে কণমানি দেৱশিশুটিক ভৰ্তি কৰোৱাইছিল হাস্পতালত। হাস্পতালতে চিকিৎসকে তাইক নাম দিলে ‘আয়া’।

আফ্ৰিনৰ চিহান হাস্পতালৰ চিকিৎসক ডাঃ হানি মাৰুফে প্ৰকাশ কৰা মতে, সম্ভৱতঃ আয়াৰ মাতৃৰ নাম আছিল আবু হাদিয়া। কিন্তু তাইৰ জন্মৰ কেই ঘণ্টামান পিছতে প্ৰচণ্ড ভূঁইকপত প্ৰাণ হেৰুৱায় আবু হাদিয়াৰ লগতে পৰিয়ালটোৰ সৰহ সংখ্যক সদস্যৰ।

দেৱ কন্যাটিৰ জন্ম আৰু প্ৰকৃতিৰ এনে নিৰ্মম দুৰ্যোগৰ মাজত তাই জীয়াই থকাটো কোনো গুণেই অলৌকিক শক্তিতকৈ কম নহয়। সেয়ে তাইৰ নাম আয়া ৰখা হৈছে বুলি জনায় চিকিৎসকে।

আয়া এতিয়া সুস্থ হৈ উঠিছে। ছিৰিয়াৰ ভয়াবহ দুৰ্যোগৰ মাজত তাই সম্ভাৱনাৰ এক নতুন পোহৰৰ দৰে উজ্বলি উঠিছে।

আয়াৰ জন্মই এতিয়া দুৰ্গতৰ চিকিৎসাত ব্যস্ত চিকিৎসক-চিকিৎসা কৰ্মী আৰু উদ্ধাৰকাৰী বাহিনীৰ মাজতো এক নতুন আশাৰ সঞ্চাৰ কৰিছে।

Related Articles

Back to top button