অসম

মূল্যবৃদ্ধি! বিৰোধীৰ আসনত বহোতে কিয় পিঁয়াজৰ মালা পিন্ধিছিল বিজয়া চক্ৰৱৰ্তীয়ে…?

ৰাজ্যত আকাশলংঘী মূল্যবৃদ্ধিয়ে জলাকলা দেখুৱাইছে সাধাৰণ ৰাইজক।

পেট্ৰ’ল-ডিজেলৰ লগতে প্ৰতিদিনে বৃদ্ধি হৈছে অত্যাৱশ্যকিয় সামগ্ৰীৰ মূল্য।

ইয়াৰ মাজতে মূল্যবৃদ্ধিক লৈ একাংশ বিজেপি মন্ত্ৰী বিধায়কে কৰিছে কেতবোৰ উদ্ভট মন্তব্য।

বিৰোধিৰ আসনত থাকোতে এসময়ত পিঁয়াজৰ মালা পিন্ধি ৰাজপতত প্ৰতিবাদ কৰা প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে মূল্যবৃদ্ধিৰ প্ৰসংগত এইবাৰ মন্তব্য আগবঢ়াইছে।

বিজেপিৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে কয়- ‘মূল্যবৃদ্ধি হ’লেও কিন্তু ৰাইজে বেছি বেয়া পোৱা নাই। কাৰণ ৫টা সমষ্টিৰ উপ নিৰ্বাচনত জয়লাভ কৰিছো।’

আনহাতে বিৰোধীৰ আসনত বহোতে বিজয়া চক্ৰৱৰ্তীয়ে কিয় পিঁয়াজৰ মালা পিন্ধিছিল বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- ‘ৰাজনীতিত থাকিলে কৰিব লাগে। আগতে কোভিড নাছিল, কিন্তু এতিয়া আছে। সেয়ে মূল্যবৃদ্ধি হ’লে উপায় নাই।’

Leave a Reply

Your email address will not be published. Required fields are marked *