মুছলপুৰ আৰক্ষী থানাৰ নৱনিৰ্মিত আৰক্ষী ভৱন উদ্বোধন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ…

বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ নৱনিৰ্মিত আৰক্ষী ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই৷

অসম চৰকাৰৰ ‘মৈত্ৰী আঁচনি’ৰ অধীনত নিৰ্মাণ কৰি উলিওৱা হৈছে ভৱনটো৷

উল্লেখ্য যে, অসমত প্ৰথম পৰ্যায়ত ৭৫ খন আৰক্ষী থানা মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছিল আৰু দ্বিতীয় পৰ্যায়ত ৫৯ খন নিৰ্মাণ কৰা হৈছে৷

এই নতুনকৈ নিৰ্মিত থানাৰ ভৱন জনতাৰ লগতে আৰক্ষীৰ মাজতো কাম কৰাৰ বাবে এক সুবিধাজনক পৰিৱেশৰ সৃষ্টি কৰিব বুলি সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই উল্লেখ কৰে৷

সাধাৰণ লোক আৰু মহিলাসকলে আৰক্ষী থানালৈ আহিবলৈ ভয় কৰিব নালাগে বুলি উল্লেখ কৰি সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, আৰক্ষীয়ে সদায় জনতাৰ হিতৰ বাবে কাম কৰিবলৈ বদ্ধপৰিকৰ৷

ইয়াৰোপৰি বিটিআৰত অশান্তিৰ যৱনিকা পৰি উন্নয়নৰ পিনে ধাৱমান হোৱা বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে।

লগতে সাধাৰণ ৰাইজক আশ্বাস প্ৰদান কৰি ডিজিপি ভাস্কৰজ্যোতি মহন্তই কয়- সাধাৰণ মানুহৰ লগত কেতিয়াও দাদাগিৰি নকৰে আৰক্ষীয়ে। ড্ৰাগছ ডিলাৰৰ লগত মৰম নহয়, ধৰম হ’ব। সেইটোৰ লগত কেতিয়াও কম্প্ৰমাইজ নহয়৷

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গোৰা ব্ৰহ্ম, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তথা বিটিআৰৰ ভাৰপ্ৰাপ্ত আইজিপি ড° এল আৰ বিষ্ণই, বিটিআৰৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, অসম আৰক্ষীৰ গৃহনিৰ্মাণ পৰিষদৰ অধ্যক্ষ অৰবিন্দ কলিতা, উপায়ুক্ত আয়ুস গাৰ্গ, আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ লগতে একাংশ শীৰ্ষ আৰক্ষী বিষয়া।

Leave a Comment