মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হায়দৰাবাদত গোচৰ ৰুজু…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হায়দৰাবাদত ৰুজু হ’ল গোচৰ।

ৰাহুল গান্ধীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবে হায়দৰাবাদত ৰুজু হ’ল গোচৰ।

তেলেংগানা কংগ্ৰেছৰ সভাপতিয়ে হায়দৰাবাদত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।

ভাৰতীয় দণ্ডবিধিৰ ৫০৪ আৰু ৫০৫ (২) ধাৰাৰ অধীনত জুবিলী হিলছ থানাত ৰুজু হৈছে গোচৰ।

উল্লেখ্য যে বিগত ১১ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ সম্পৰ্কে বিতৰ্কিত মন্তব্য আগবঢ়াইছিল।

উত্তৰাখণ্ডৰ উধাম সিং নগৰত অনুষ্ঠিত হোৱা সভাখনত তেওঁ ৰাহুল গান্ধীয়ে চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰাৰ বিষয়ে উত্থাপন কৰি তেওঁৰ পিতৃৰ পৰিচয় সম্পৰ্কে কোনেও প্ৰশ্ন কৰা নাই বুলি মন্তব্য কৰিছিল।

উক্ত বিতৰ্কিত মন্তব্য কৰাৰ পিছতেই সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ।

Leave a Comment