নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি খালিস্তানী সমৰ্থকৰ।
খালিস্তানী নেতা অমৃতপাল সিঙৰ বিৰুদ্ধে পঞ্জাৱ আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি শিখ ফ’ৰ জাষ্টিছৰ খালিস্তানী নেতা গুৰপতন সিং পন্নুৰ।
সাংবাদিকলৈ অডিঅ’ বাৰ্তা প্ৰেৰণ কৰি হত্যাৰ ভাবুকি প্ৰদান কৰে খালিস্তানী সন্ত্ৰাসবাদীজনে।
মুখ্যমন্ত্ৰীক ভাবুকি দি পান্নুৱে কয়, “অসমৰ কাৰাগাৰত বন্দী খালিস্তান সমৰ্থকক অত্যাচাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী শৰ্মা মন দি শুনি লওক, এই যুঁজ খালিস্তান সমৰ্থক শিখ আৰু ভাৰতীয় শাসনৰ মাজত।’’
ভাবুকি প্ৰদান কৰি এছজেএফৰ নেতাজনে কয়, “শৰ্মা, এই হিংসাৰ বলি নহ’ব।”
পান্নুৱে লগতে কয়, “আমি খালিস্তান গণভোটৰ শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে পঞ্জাৱক ভাৰতীয় দখলৰ পৰা মুক্তি বিচাৰিছো। যদি আপোনাৰ চৰকাৰে ছয়জনক (ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী অমৃতপালৰ সহায়ক)ক নিৰ্যাতন আৰু হাৰাশাস্তি কৰি আছে তেন্তে আপোনালোকক জবাবদিহি হ’ব।’