অসম

মুখ্যমন্ত্ৰীৰ নিৰ্দেশঃ বিধায়কে উলিয়াই নিয়া হাইলাকান্দিৰ দালালক পুনৰ গ্ৰেপ্তাৰ…

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কাৰ্যালয়সমূহত দালালৰাজ উৎখাত কৰাৰ উদ্দেশ্যে অসম আৰক্ষীক কঠােৰ পদক্ষেপ ল’বলৈ নিৰ্দেশনা জাৰী কৰিছে।

এই নিৰ্দেশনাৰ পাছতে আৰক্ষীয়ে ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে আৰম্ভ কৰিছে জােৰদাৰ অভিযান। ৰাজ্যৰ জিলাই জিলাই আটক হৈছে মাটিৰ দালাল তথা ভূ-মাফিয়া।

ইতিমধ্যে, আৰক্ষীয়ে ৫২০ গৰাকী দালালক আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই দালালসকলৰ মাজত আছে কেবাজনাে ৰাজনৈতিক নেতাও।

ইপিনে, আৰক্ষীৰ এই অভিযানৰ মাজতে হাইলাকান্দিত ঘটিল এক আজব ঘটনা।

হাইলাকান্দিত আৰক্ষীয়ে আটক কৰা দুজন মাটিৰ দালাল তথা নিজৰ দলীয় কৰ্মীক আলগাপুৰ থানাৰ পৰাই উলিয়াই নিয়ে AIUDF দলৰ বিধায়ক নিজামুদ্দিনে।

জানিব পৰা মতে, আৰক্ষীয়ে নিশা আটক কৰিছিল ছৰফউদ্দিন বৰভূঞা, আনোৱাৰ উদ্দিন লস্কৰ নামৰ দুজন মাটিৰ দালালক।

কিন্তু আৰক্ষীৰ ওপৰত হেঁচা প্ৰয়ােগ কৰি থানাৰ পৰাই দুয়ােজনক মুকলি কৰি নিয়ে বিধায়কগৰাকীয়ে।

এই ঘটনাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ইয়াৰ পিছতে বিধায়কে উলিয়াই নিয়া হাইলাকান্দিৰ দুই দালালক পুনৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

এই ঘটনাৰ পিছতে হাইলাকান্দি আৰক্ষীক দুই দালালক গ্ৰেপ্তাৰ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে পুনৰ গ্ৰেপ্তাৰ কৰা হয় দালাল আনোৱাৰ উদ্দিন লস্কৰক।

আনহাতে দালাল ছৰফউদ্দিন বৰভূঞাক সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই পৰ্যন্ত কৰায়ত্ত কৰিব পৰা নাই দালাল ছৰফউদ্দিন বৰভূঞাক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button