অসম

অসমলৈ অনা হ’ব নতুনকৈ ২০ খন জাহাজঃ চন্দ্ৰমোহন পাটোৱাৰী…

অসমলৈ অনা হ’ব নতুনকৈ ২০ খন জাহাজ।

মঙলবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা বাণিজ্য মেলাত ৰাইজক সম্বোধন কৰি এই ঘোষণা কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

লগতে পাটোৱাৰীয়ে কয় যে, অসমত নৌসেনাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ’ব।

ইতিমধ্যে মাজুলীলৈ তিনিখন জাহাজ প্ৰেৰণ কৰা হৈছে বুলিও মন্তব্য পাটোৱাৰীৰ।

পেছাদাৰীভাৱে প্ৰশিক্ষিত নাবিকক অসমলৈ অনা হ’ব আৰু তেওঁলোকে অসমৰ নাবিকক প্ৰশিক্ষণ প্ৰদান কৰিব বুলি পাটোৱাৰীয়ে কয়।

স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে মঙলবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰত বাণিজ্য মেলাৰ আয়োজন কৰা হৈছিল।

এই বাণিজ্য মেলাত উত্তৰ-পূবৰ বিভিন্ন উদ্যোগীয়ে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *